ETV Bharat / bharat

ছত্তিছগড়ত নক্সালবাদীৰ IED বিস্ফোৰণত ডি আৰ জিৰ সদস্য আহত

ছত্তিছগড়ৰ দান্তেবাৰা জিলাত সোমবাৰে নক্সাল বাদীৰ শিবিৰ ধংস কৰিবলৈ যোৱাৰ সময়ত হোৱা এক বিস্ফোৰণত জিলা ৰিজাৰ্ভ গাৰ্ডৰ দুজন সদস্য আঘাতপ্ৰাপ্ত হয় । শিবিৰত ৩ টা IED উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু উভতি আহোতে কপ্পল অঞ্চলত ২ কিলোগ্ৰাম ওজনৰ দুটা IED পাবলৈ সক্ষম হৈছিল । সেই সময়তে দুজন বিষয়াই IED ৰ ওচৰলৈ যাওতে তাৰে এটা IED বিস্ফোৰণ হৈ সদস্য দুজন সামন্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় ।

chhattisgarh-2-drg-men-sustain-minor-injuries-in-naxal-ied-blast

author img

By

Published : Jul 7, 2020, 12:33 AM IST

নিউজ ডেস্ক, ৬ জুলাই : ছত্তিছগড়ৰ দান্তেবাৰা জিলাত সোমবাৰে নক্সাল বাদীৰ শিবিৰ উচ্ছেদ কৰিবলৈ যোৱাৰ সময়ত হোৱা এক বিস্ফোৰণত জিলা ৰিজাৰ্ভ গাৰ্ডৰ দুজন সদস্য আঘাতপ্ৰাপ্ত হয় ।

এগৰাকী বিষয়াই জনোৱা অনুসৰি, উক্ত ঘটনাটো সোমবাৰে ৰাতিপুৱা প্ৰায় ১০ বাজি ৩০ মিনিটত সংঘটিত হৈছে । কন্টেকল্যাণ আৰক্ষী থানাৰ অন্তৰ্গত এখন জংঘলত ডি আৰ জিৰ এটা দলে নক্সালবাদীৰ শিবিৰ এটা উচ্ছেদ কৰিবলৈ যোৱাৰ সময়ত উভতি অহাৰ পথত ঘটনাটো সংঘটিত হয় ।

আনহাতে, নিৰাপত্তা বাহিনীয়ে উক্ত অভিযানত দুটা স্থানৰ পৰা ৬ টা IED উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । মৰজুম গাঁৱৰ ওচৰৰ এখন জংঘলত নক্সালবাদীয়ে স্থাপন কৰা শিবিৰ উচ্ছেদ কৰাৰ বাবে ডি আৰ জি দলে দেওবাৰৰ নিশাৰ পৰা অভিযান আৰম্ভ কৰিছিল । নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰা IED একোটাৰ ওজন ৫ কিলোগ্ৰাম বুলি জানিব পৰা গৈছে ।

তথ্য অনুসৰি, শিবিৰত ৩ টা IED উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু উভতি আহোতে কপ্পল অঞ্চলত ২ কিলোগ্ৰাম ওজনৰ দুটা IED পাবলৈ সক্ষম হৈছিল । সেই সময়তে দুজন বিষয়াই IED ৰ ওচৰলৈ যাওতে তাৰে এটা IED বিস্ফোৰণ হৈ সদস্য দুজন সামন্য পৰিমানে আঘাতপ্ৰাপ্ত হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.