নিউজ ডেস্ক, 16 আগষ্ট : কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী)ৰ সাধাৰণ সম্পাদক তথা দেশৰ জ্যেষ্ঠ বামপন্থী নেতা সীতাৰাম য়েছুৰীয়ে কেন্দ্ৰীয় চৰকাৰক দেওবাৰে ক্ষুৰধাৰ সমালোচনাৰে থকা-সৰকা কৰি পেলায় ৷ জ্যেষ্ঠ বামপন্থী নেতাগৰাকীয়ে আত্মনিৰ্ভৰ ভাৰতৰ পৰিৱৰ্তে এয়া কেন্দ্ৰীয় চৰকাৰৰ পূঁজিপতিৰ ওচৰত আত্মসমৰ্পনহে বুলি উল্লেখ কৰে ৷ কেন্দ্ৰীয় চৰকাৰে যিদহে ৰাইজৰ সম্পদ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ ব্যক্তিগত তথা পূঁজিপতি খণ্ডৰ হাতত বিক্ৰী কৰিব লৈছে তালৈ লক্ষ্য কৰিলে এয়া আত্মনিৰ্ভৰ কম চৰকাৰৰ আত্মসমৰ্পন বেছি ৷
মহাৰাষ্ট্ৰত দলীয় কৰ্মীক সম্বোধন কৰি দিয়া এক ৱেৱকাষ্টত এই কথা উল্লেখ কৰে জ্যেষ্ঠ বামপন্থী নেতাগৰাকীয়ে ৷ কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা খণ্ডকে ধৰি ৰে'লৱেকো ব্যক্তিগত খণ্ডৰ হাতত বিক্ৰী কৰিবলৈ লৈছে যিটো দেশৰ বাবে একেবাৰে ভাল নহয় ৷ তেওঁৰ মতে নতুন ভাৰতৰ চিন্তাই দেশৰ ধৰ্মনিৰপেক্ষাৰ এনাজৰীডাল সলনি কৰাতহে অধিক গুৰুত্ব প্ৰদান কৰা হৈছে ৷
প্ৰধানমন্ত্ৰীয়ে কোভিড-19 মহামাৰীৰ আৰম্ভনিতে ঘোষণা কৰা আত্মনিৰ্ভৰ ভাৰতৰ ধাৰণা একেবাৰে ফ্লপ হৈ পৰিছে ৷ কোভিড-19ৰ লকডাউনৰ সময়ত দুখীয়াৰ পৰিৱৰ্তে পূঁজিপতিসকল অধিক লাভৱান হৈছে ৷ মোডীয়ে 21 দিনতে কোভিড-19ক প্ৰতিহত কৰাৰ কথা কৈছিল যদিও এতিয়া 130 দিন পাৰ হৈ গ'ল কিন্তু সাধাৰণ জনতাৰ অৱস্থাৰ পৰিৱৰ্তন নহ'ল ৷ বেংকনোট বন্ধ কৰাৰ সময়ত মোডীয়ে দিয়া চাৰিঘণ্টা সময়ৰ দৰেই এতিয়াও লকডাউনৰ সময়ত ৰাজ্যসমূহক চাৰিঘন্টাকৈ সময় প্ৰদান কৰিছে প্ৰধানমন্ত্ৰীয়ে ৷
য়েছুৰীয়ে মোডীক ৰাম জন্মভূমি আন্দোলনক স্বাধীনতা আন্দোলনৰ সৈতে তুলনা কৰাক লৈয়ো সমালোচনা কৰে ৷ দেশৰ স্বাধীনতা আন্দোলনত বহুতেই প্ৰাণ দিলে ৷ দেশে স্বাধীনতাও অৰ্জন কৰিলে ৷ কিন্তু এতিয়া ইয়াক ধ্ৰুৱীয়কৰণ তথা ঘৃণা আৰু হিংসাৰে মিলাই দিয়া হৈছে বুলি অভিযোগ উত্থাপন কৰে ৷
লগতে পঢ়কঃ ৰাজস্থান কংগ্ৰেছৰ দায়িত্বত জ্যেষ্ঠ কংগ্ৰেছী নেতা অজয় মাকেন