ETV Bharat / bharat

Covid-19: বিভিন্ন ৰাজ্যলৈ কেন্দ্ৰীয় চৰকাৰৰ ১৫০০০ কোটিৰ সাহাৰ্য অনুদান - states to fight Covid-19

মহামাৰী কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ৰাজ্যলৈ আগবঢ়ায় ১৫০০০ কোটি টকাৰ বিশেষ সাহাৰ্য অনুদান । কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা এই বিশেষ সাহাৰ্য অনুদান মহামাৰী কৰ'ণা ভাইৰাছৰ জৰুৰীকালীন সেৱাত ব্যৱহাৰ কৰা হ'ব বুলি সদৰী কৰে স্বাস্থ্য মন্ত্ৰণালয়ৰ বিষয়াই ।

COVID-19
Covid-19: বিভিন্ন ৰাজ্যলৈ কেন্দ্ৰীয় চৰকাৰৰ ১৫০০০ কোটিৰ সাহাৰ্য অনুদান
author img

By

Published : Apr 9, 2020, 10:59 PM IST

Updated : Apr 9, 2020, 11:07 PM IST

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে COVID-19 ৰ সৈতে যুঁজিবলৈ বিভিন্ন ৰাজ্যলৈ ১৫০০০ কোটি টকাৰ বিশেষ জৰুৰীকালীন সাহাৰ্য অনুদানৰ ঘোষণা কৰে ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে বৃহস্পতিবাৰে দেশৰ প্ৰত্যেকখন ৰাজ্য আৰু কেন্দ্ৰীয় শাষিত অঞ্চলৰ মুখ্য সচিব,আয়ুক্ত (স্বাস্থ্য) ক পত্ৰ লিখি কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ধনৰাশি শীঘ্ৰে মোকলাই দিব বুলি সদৰী কৰে ।

স্বাস্থ্য মন্ত্ৰণালয়ৰ বিষয়াৰ ভাষ্য অনুসৰি, এই সাহাৰ্য অনুদান COVID-19ৰ সৈতে যুঁজিবলৈ বিভিন্ন ৰাজ্যসমূহৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আগবঢ়োৱা এটি সম্পূৰ্ণ বিত্তীয় সাহাৰ্য অনুদান ।

এই সাহাৰ্য অনুদান আগবঢ়োৱাৰ উদ্দেশ্যে এইটো যে, কৰ'ণা ভাইৰাছ প্ৰতিৰোধ তথা তাৰ উপস্থিতিৰ মাধ্যমসমূহ নাশ কৰা তথা সীমিত কৰা আৰু জৰুৰীকালীন পৰিস্থিতিত তাক ব্যৱহাৰ কৰা । তাৰোপৰি কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীসকলৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈও এই সাহাৰ্য অনুদান আগবঢ়ায় কেন্দ্ৰই ।

আনহাতে, এই সাহাৰ্য পুঁজিৰ দ্বাৰা ভৱিষ্যতে যাতে এই ৰোগ বৃদ্ধি নাপায় তাৰোপৰি ৰাজ্যৰ স্বাস্থ্য প্ৰণালী সমূহ উন্নত কৰিবলৈ ৰাজ্য সমূহলৈ কেন্দ্ৰীয় চৰকাৰে এই সাহাৰ্য অনুদান আগবঢ়ায় ।

উল্লেখ্য যে, স্বাস্থ্য মন্ত্ৰণালয়ে ইয়াৰ পূৰ্বেও বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাষিত অঞ্চললৈ ৪১১৩ কোটি টকাৰ অনুদান আগবঢ়াইছিল ।

Last Updated : Apr 9, 2020, 11:07 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.