ETV Bharat / bharat

চিবিএছই পৰীক্ষা সন্দৰ্ভত উচ্চতম ন্য়ায়ালয়ক সাক্ষাৎ চিবিএছই ব'ৰ্ডৰ

author img

By

Published : Jun 25, 2020, 7:59 PM IST

চিবিএছই-য়ে পৰীক্ষাসমূহ ১-১৫ জুলাইৰ ভিতৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও শেহতীয়া কৰ'ণা ভাইৰাছৰ প্ৰকোপৰ বাবে চিবিএছই ব'ৰ্ডৰ পৰীক্ষাসমূহ স্থগিত ৰখা হৈছে । কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডৰ পৰীক্ষাসমূহ সম্পূৰ্ণৰূপে স্থগিত ৰখা হ'ব নে নিয়মীয়াকৈ পাতিব সেই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ক অৱগত কৰিব কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ড তথা চিবিএছই-য়ে ।

চিবিএছই পৰীক্ষা সন্দৰ্ভত উচ্চতম ন্য়ায়ালয়ক সাক্ষাৎ চিবিএছই ব'ৰ্ডৰ
চিবিএছই পৰীক্ষা সন্দৰ্ভত উচ্চতম ন্য়ায়ালয়ক সাক্ষাৎ চিবিএছই ব'ৰ্ডৰ

নেশ্যনেল ডেস্ক, ২৫ জুন : কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডৰ পৰীক্ষাসমূহ স্থগিত ৰখা হ'ব নে নিয়মীয়াকৈ পাতিব সেই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ক অৱগত কৰিব কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ড তথা চিবিএছই-য়ে । উল্লেখ্য যে, চিবিএছই-য়ে পৰীক্ষাসমূহ ১-১৫ জুলাইৰ ভিতৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । ইয়াৰ মাজতে, আইচিএছই ব'ৰ্ডে চিবিএছইৰ সিদ্ধান্তৰ ওপৰত গুৰুত্ব প্ৰদান কৰি দশম আৰু আইএছচি পৰীক্ষা অনুষ্ঠিত কৰাক লৈ সিদ্ধান্ত ল'ব ।

আইআইটিৰ বাবে জেইই আৰু মেডিকেলৰ বাবে এনইইটি পৰীক্ষাৰ কাৰ্যসূচী পুনঃনিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰতো চিবিএছই ব'ৰ্ডৰ পৰীক্ষাৰ শীৰ্ষ আদালতে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । পূৰ্বৰ কাৰ্যসূচী মতে, জেইইৰ মূল পৰীক্ষা ১৮-২৩ জুলাই আৰু এনইইটি পৰীক্ষা ২৬ জুলাইত সম্পন্ন হোৱাৰ কথা আছিল ।

শেহতীয়া কৰ'ণা ভাইৰাছৰ প্ৰকোপৰ বাবে চিবিএছই ব'ৰ্ডৰ পৰীক্ষাসমূহ স্থগিত ৰখা হৈছে । ছাত্ৰ-ছাত্ৰীসকলৰ পিতৃ-মাতৃসকলেও পৰীক্ষা স্থগিত ৰখা বিষয়টোক সমৰ্থন কৰি ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষাত বহিলে কোভিড-১৯ৰ সংক্ৰমণ হ'ব পাৰে আশংকা কৰে ।

চলিত মাহৰ আৰম্ভণিতে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোড়িয়াই কেন্দ্ৰীয় মানৱ সংশোধন বিকাশ মন্ত্ৰী ৰমেশ পোখৰিয়ালক সম্বোধন কৰি কয় যে, মহামাৰীৰ এই সময়ছোৱাত চিবিএছই ব'ৰ্ডৰ পৰীক্ষা অনুষ্ঠিত কৰাতো অতি কঠিন হৈ পৰিব । যিহেতু এই পৰীক্ষা এক উচ্চস্তৰীয় পৰীক্ষা ।

লগতে পঢ়ক : 25 গৰাকী কৃতিমানৰ সাফল্যৰে পুনৰ উজলিল নগাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.