নিউজ ডেস্ক, 5 নৱেম্বৰঃ মঙলবাৰে দেশৰ 169 টা স্থানত অভিযান চলালে কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ চিবিআইয়ে ৷ দেশত সংঘটিত 35 টাকৈ বেংকৰ 7 হাজাৰ কোটি টকাৰ ধন জালিয়াতিৰ ঘটনাক কেন্দ্ৰ কৰি এই অভিযান চলালে চিবিআইৰ দলটোৱে ৷ মঙলবাৰৰ অভিযানত দলটোৱে দেশৰ কেইবাখনো আগশাৰীৰ ৰাজ্য ক্ৰমে অন্ধ্ৰ প্ৰদেশ, চণ্ডীগড়, দিল্লী, গুজৰাট, হাৰিয়ানা, কৰ্ণাটক,কেৰেলা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, তামিলনাডু, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, দাদৰা আৰু নগৰ হভেলীত এই অভিযান চলাইছে ৷ ইতিমধ্যে এই অভিযানৰ অন্তত 35 টাকৈ গোচৰ ৰুজু কৰিছে চিবিআইৰ দলটোৱে ৷
লগতে পঢ়কঃ তুংগত দিল্লী আৰক্ষী আৰু অধিবক্তাৰ সংঘৰ্ষ : প্ৰতিবাদত বহিল আৰক্ষী বাহিনী
অৱশ্যে জালিয়াতিৰ লগত কোন কোন বেংক জড়িত আছে, সেই সন্দৰ্ভত কোন ধৰণৰ মন্তব্য প্ৰদানৰ বিৰত আছে চিবিআইৰ দলটো ৷