ETV Bharat / bharat

বিহাৰৰ মুখ্যমন্ত্ৰীৰ ভাৰ্চুৱেল ৰেলীৰ ভাষণত সুশান্তৰ মৃত্যুৰ প্ৰসংগ

author img

By

Published : Sep 8, 2020, 2:23 PM IST

বিহাৰৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰে ভাৰ্চুৱেল ৰেলীৰ ভাষণৰ মাজতে উত্থাপন কৰিলে অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ প্ৰসংগ । সুশান্তৰ মৃত্যুৰ প্ৰকৃত সত্য উদ্ঘাটনৰ বাবেই CBIৰ তদন্ত চলি আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

বিহাৰৰ মুখ্যমন্ত্ৰীৰ ভাৰ্চুৱেল ৰেলীৰ ভাষণত সুশান্তৰ মৃত্যুৰ প্ৰসংগ
বিহাৰৰ মুখ্যমন্ত্ৰীৰ ভাৰ্চুৱেল ৰেলীৰ ভাষণত সুশান্তৰ মৃত্যুৰ প্ৰসংগ

নেশ্যনেল ডেস্ক,৮ছেপ্টেম্বৰ: সুশান্ত সিং ৰাজপুতৰ আকস্মিক মৃত্যুৱে সমগ্ৰ দেশৰ লগতে অভিনেতাজনৰ জন্মস্থান পাটনাৰ লাখ লাখ অনুৰাগীক শোকবিহ্বল কৰি তুলিছে । সোমবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰে ভাৰ্চুৱেল ৰেলীৰ ভাষণত সুশান্তৰ প্ৰসংগ উত্থাপন কৰি কয় যে, অভিনেতাগৰাকীৰ মৃত্যুৰ আঁৰৰ ৰহস্য আৰু ন্যায় সুনিশ্চিত কৰাৰ বাবে CBIৰ তদন্ত অব্যাহত আছে ।

বিহাৰৰ বিধানসভা নিৰ্বাচনৰ বাবে জনতা দল(ইউনাইটেড)ৰ হৈ প্ৰচাৰ অভিযান চলোৱাৰ সময়তে এক ঘণ্টাৰ বাবে বক্তব্য আগবঢ়ায়, য'ত সুশান্তৰ মৃ্ত্যু সন্দৰ্ভত তেওঁ শোক প্ৰকাশ কৰাৰ লগতে ন্যায়ৰ আশ্বাস দিয়ে । তেওঁ কয় যে, যুৱ অভিনেতাজনৰ মৃত্যুৱে কেৱল তেওঁৰ পৰিয়ালকে দুখিত কৰা নাই, বৰঞ্চ বিহাৰ আৰু আন স্থানত বাস কৰা লাখ লাখ অনুৰাগীৰ মনত শোকৰ ছাঁ পেলাইছে । লগতে নিতিশ কুমাৰে শিৱসেনালৈ আক্ৰমনাত্মক মন্তব্য কৰি কয়, মুম্বাইত উচিত তদন্ত হোৱা নাই বুলি সন্দেহ প্ৰকাশ কৰি সুশান্তৰ পিতৃ কে কে সিঙে পাটনাত এজাহাৰ দাখিল কৰিছিল ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, যেতিয়া সুশান্তৰ পিতৃয়ে CBIৰ তদন্তৰ দাবী কৰিছিল, তেতিয়া অলপো সময় নষ্ট নকৰি বিহাৰ চৰকাৰে কেন্দ্ৰক অনুৰোধ জনাইছিল । লগতে সুশান্তৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ন্যায় লাভক লৈ আশাবাদী বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে, সুশান্তৰ পিতৃয়ে ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰাৰ পিছত চতুৰ্থবাৰৰ বাবে শাসনত অধিষ্ঠিত হোৱাৰ পৰিকল্পনা কৰা জনতা দল শাসিত বিহাৰ চৰকাৰ আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মাজত বিবাদ আৰম্ভ হয় ।

বিহাৰৰ এগৰাকী আই পি এছ বিষয়াক মুম্বাইত উপস্থিত হোৱাৰ পিছত বলপূৰ্বকভাৱে কোৱাৰেন্টাইনত থাকিবলৈ বাধ্য কৰোৱাৰ পিছতে দুয়োখন চৰকাৰৰ মাজৰ বিবাদ স্পষ্ট হৈ পৰে । সুশান্তৰ মৃত্যুৰ ঘটনাত মহাৰাষ্ট চৰকাৰৰ স্থিতিক লৈও নিজৰ ভাষণ নিতিশ কুমাৰে প্ৰশ্ন উত্থাপন কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.