ETV Bharat / bharat

বিজেপি চৰকাৰৰ অধীনত চিবিআই 'পানৰ দোকান' হৈ পৰিছে : মহাৰাষ্ট্ৰৰ মন্ত্ৰী - বিজেপি চৰকাৰৰ অধীনত চিবিআইক পান দোকানলৈ পৰিণত

বিজেপি চৰকাৰৰ অধীনত চিবিআইক পান দোকানলৈ পৰিণত হোৱা বুলি মন্তব্য মহাৰাষ্ট্ৰৰ মন্ত্ৰী আছলাম শ্বেইখৰ ৷

মহাৰাষ্ট্ৰৰ মন্ত্ৰী
আছলাম শ্বেইখ
author img

By

Published : Nov 20, 2020, 2:23 PM IST

নেশ্যনেল ডেস্ক, 20 নৱেম্বৰ : কেন্দ্ৰৰ বিজেপি চৰকাৰৰ অধীনত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই) পানৰ দোকানলৈ পৰিণত হৈছে বুলি মন্তব্য মহাৰাষ্ট্ৰৰ মন্ত্ৰী আছলাম শ্বেইখৰ ৷ চিবিআই তদন্তৰ বাবে ৰাজ্য চৰকাৰৰ অনুমতি অত্যাৱশ্যকীয় বুলি উচ্চতম ন্যায়ালয়ে ঘোষণা কৰাৰ পাচতে ন্যায়ালয়ৰ এই সিদ্ধান্তক আদৰণি জনাই এনেদৰে মন্তব্য কৰে মহাৰাষ্ট্ৰৰ মন্ত্ৰীগৰাকীয়ে ৷

বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সন্মুখত শ্বেইখে কয়, "বিজেপি চৰকাৰৰ অধীনত চিবিআই 'পান পট্টী'ৰ দোকানৰ দৰে হৈ পৰিছে ৷ বিজেপিৰ শাসন নথকা যিকোনো ৰাজ্যত চিবিআই উপস্থিত হৈ যিকোনো লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷ আমি আদালতৰ সিদ্ধান্তক স্বাগতম জনাইছো ৷"

উল্লেখ্য যে, বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে ঘোষণা কৰে যে, কোনো ৰাজ্যত চিবিআইয়ে তদন্ত আৰম্ভ কৰিবৰ বাবে সেই নিৰ্দিষ্ট ৰাজ্যৰ চৰকাৰৰ সন্মতিৰ প্ৰয়োজন ৷ এই ক্ষেত্ৰত ৰাজ্যৰ সন্মতিৰ অবিহনে কেন্দ্ৰ চৰকাৰে অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে বুলি শীৰ্ষ আদালতে মন্তব্য আগবঢ়ায় ৷

উত্তৰ প্ৰদেশৰ এক কেলেংকাৰী গোচৰৰ অভিযুক্তৰ আবেদন সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰি বিচাৰক এ এম খানৱিলকাৰৰ দ্বাৰা গঠিত এক বিচাৰক মণ্ডলীয়ে কয় যে, ৰাজ্যৰ সন্মতিৰ অবিহনে কোনো চিবিআই তদন্ত সম্পন্ন হ'ব নোৱাৰে ৷

পাঞ্জাৱ, পশ্চিম বংগ, ৰাজস্থান, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু চত্তীশগড়ে চিবিআই তদন্তৰ বাবে 'সাধাৰণ সন্মতি' প্ৰদান উঠাই লোৱাৰ ফলত উচ্চতম ন্যায়ালয়ৰ ঘোষণাই এই ৰাজ্যসমূহৰ বাবে তাৎপৰ্য বহন কৰিব ৷

লগতে পঢ়ক : দেশত ক'ভিড আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 90 লাখৰ ঘৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.