নিউজ ডেস্ক, ৮ জুনঃ ভগৱান শ্ৰীকৃষ্ণৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগতে গোচৰ ৰুজু কৰা হয় ৰামচৰিতমানসৰ প্ৰসিদ্ধ ঘোষক মোৰাৰী বাপুৰ বিৰুদ্ধে । ধৰ্মীয় অনুভূতিত আঘাত হানাৰ অভিযোগতে ৰাজস্থানৰ জয়পুৰ জিলাৰ কালবাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হয় ।
![মোৰাৰী বাপু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7520934_th.jpg)
মোৰাৰী বাপুয়ে ভগৱান শ্ৰীকৃষ্ণসহ তেখেতৰ সমূহ পৰিয়ালৰ বিৰুদ্ধ আপত্তিজনক মন্তব্য কৰা এটি ভিডিঅ' ভাইৰেল হৈ পৰে । এই ঘটনাৰ পাচতে হিন্দু সমাজৰ লগত জড়িত বহু কেইগৰাকী নেতাই তাৰ বিৰোধিতা কৰি মোৰাৰী বাপুক ক্ষমা খুজিবলৈ দাবী জনাই ।
বিগত ৫০ বছৰৰ পৰা ৰাম কথা পাঠ কৰি অহা মোৰাৰী বাপুৱে শ্ৰীকৃষ্ণক চৰিত্ৰহীন, চোৰ তথা ঠগবাজ বুলি মন্তব্য় কৰিছিল ।
![মোৰাৰী বাপু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7521024_k.jpg)
উল্লেখ্য যে, ২০১৮ চনত মোৰাৰী বাপুৱে অযোধ্যাত মুম্বাইৰ প্ৰায় ২০০ যৌন কৰ্মীৰ সন্মুখত ৰাম কথা পাঠ কৰি এক এটি দিশ নিৰ্ণয় কৰিছিল । আনহাতে, মুম্বাইৰ ৰেড লাইট অঞ্চলৰ কামাথিপুৰাৰ যৌন কৰ্মীসকলে মোৰাৰী বাপুক ৰাম কথা পাঠ কৰিবলৈ ব্যক্তিগতভাৱে নিমন্ত্ৰণ কৰে বুলিও উল্লেখ আছে ।