নিউজ ডেস্ক,২২ জুনঃ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পাঁচজন ব্যক্তিক । গাড়ী চুৰি ঘটনাৰ লগত জড়িত থকাৰ অভিযোগতে ব্যক্তিকেইজনক গ্ৰেপ্তাৰ কৰে লক্ষ্ণৌ আৰক্ষীয়ে । লগতে গ্ৰেপ্তাৰ কৰা ব্যক্তিকেইজনৰ পৰা জব্দ কৰে প্ৰায় ৫০ খনৰো অধিক চাৰিচকীয়া বাহন ।
আনহাতে, লক্ষ্ণৌৰ আৰক্ষী অধীক্ষকক (Police Commissioner)সুজিত পাণ্ডেৰ ভাষ্য অনুসৰি,গ্ৰেপ্তাৰ কৰা আটাইকেইজন অভিযুক্তই দীৰ্ঘদিন ধৰি চাৰিচকীয়া বাহন চুৰি কৰি সেইয়া কম দামত বিক্ৰী কৰি আহিছিল বুলি সংবাদ মাধ্যমত প্ৰকাশ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে । লগতে গ্ৰেপ্তাৰ কৰা পাঁচজন লোকৰ ভিতৰত এজন ব্যক্তিয়ে তিনিখনকৈ ছবিত অভিনয় কৰাৰ উপৰিও এজন সাংবাদিক বুলিও জানিবলৈ দিয়ে । তাৰোপৰি ঘটনা সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে তদন্ত অব্যাহত ৰাখিছে বুলিও জানিবলৈ দিয়ে লক্ষ্ণৌ আৰক্ষীয়ে ।
লগতে চাওকঃ ওদালগুৰিত 5 জনকৈ স্বাস্থ্য কৰ্মীৰ দেহত কোভিড-19 পজিটিভ