ETV Bharat / bharat

ৰাজপথত গণতন্ত্ৰ দিৱসৰ পেৰেডৰ নেতৃত্বত কেপ্তেইন তানিয়া শ্বেৰগিল - পেৰেডৰ নেতৃত্বত তানিয়া শ্বেৰগিল

দিল্লীৰ ৰাজপথত পেৰেডৰ নেতৃত্ব প্ৰদান কৰিলে এগৰাকী মহিলাই ৷ কেপ্তেইন তানিয়া শ্বেৰগিলে 71 সংখ্যক গণতন্ত্ৰ দিৱসৰ পেৰেডত নেতৃত্ব দিয়ে ৷

গণতন্ত্ৰ দিৱসৰ পেৰেড
কেপ্তেইন তানিয়া শ্বেৰগিল
author img

By

Published : Jan 26, 2020, 3:07 PM IST

নেশ্যনেল ডেস্ক, 26 জানুৱাৰী : দেশৰ ৰাজধানী দিল্লীৰ ৰাজপথত 71 সংখ্যক গণতন্ত্ৰ দিৱসৰ পেৰেডত নেতৃত্ব প্ৰদান কৰে কেপ্তেইন তানিয়া শ্বেৰগিলে ৷

উল্লেখ্য যে, জানুৱাৰী মাহত সেনা দিৱসৰ দিনাও 'পেৰেড এডজুটেন্ট'ৰ ভূমিকা গ্ৰহণ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছিল তানিয়া শ্বেৰগিল ৷ "Teevra Chaukas" (বেগী আৰু সতৰ্ক) আদৰ্শ বহনকাৰী সৈন্যদলক নেতৃত্ব প্ৰদান কৰিছিল তানিয়াই ৷

গণতন্ত্ৰ দিৱসৰ পেৰেডত নেতৃত্ব প্ৰদান কেপ্তেইন তানিয়া শ্বেৰগিলৰ

আনহাতে, দেওবাৰে গণতন্ত্ৰ দিৱসত পেৰেড কমাণ্ডাৰৰ দায়িত্ব গ্ৰহণ কৰিছিল লেফটেনেন্ট জেনেৰেল অচিত মিস্ত্ৰীয়ে ৷ পুৱা দহ বজাৰ পৰা আৰম্ভ হোৱা এই পেৰেড 90 মিনিট ধৰি অব্যাহত থকাৰ পাচতে বিভিন্ন ৰাষ্ট্ৰ, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু চৰকাৰী বিভাগে 22 খনকৈ শুভাযাত্ৰাত অংশগ্ৰহণ কৰে ৷

ইয়াৰোপৰি, উন্নত প্ৰযুক্তিবিদ্যা সম্পন্ন Mi-17 V5 হেলিকপ্তাৰ ধ্ৰুৱ আৰু ৰুদ্ৰৰে আকাশমাৰ্গত কলা-কৌশল দেখুওৱাৰ লগতে বিভিন্ন ধৰণৰ অত্যাধুনিক যুদ্ধ সামগ্ৰীও প্ৰদৰ্শন কৰা হয় ৷

16 টাকৈ সেনা বাহিনীৰ লগতে পেৰা মিলিটাৰী বাহিনী, দিল্লী আৰক্ষী, এন চি চি(NCC), এন এছ এছ(NSS) আৰু 13 টা অন্য মিলিটাৰী বাহিনীয়ে এই অনুষ্ঠানৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে ৷

আৰু পঢ়ক : গণতন্ত্ৰ দিৱসত ৰাজপথত ৰাষ্ট্ৰপতি কোবিন্দ, প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.