ETV Bharat / bharat

ভাৰতীয় ৰে’লসেৱাৰ ব্যৱস্থাপনা পৰিৱৰ্তনৰ সিদ্ধান্ত কেবিনেটত - ৰে’লসেৱা

ভাৰতীয় ৰে’লসেৱা ব্যৱস্থাপনাৰ পুনৰ গঠন কৰা হ’ব ৷ লগতে অন্য কিছু ক্ষেত্ৰত সালসলনি ঘটোৱা হ’ব ৷ মঙলবাৰে কেন্দ্ৰীয় কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ ৷

কিছু ক্ষেত্ৰত সালসলনি
ভাৰতীয় ৰে’লসেৱাৰ ব্যৱস্থাপনা পৰিৱৰ্তনৰ সিদ্ধান্ত কেবিনেটত
author img

By

Published : Dec 24, 2019, 8:06 PM IST

নতুন দিল্লী,24 ডিচেম্বৰঃ মঙলবাৰে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটত ভাৰতীয় ৰে’লসেৱাৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ সেইসূত্ৰে ভাৰতীয় ৰে’লসেৱা ব্যৱস্থাপনাৰ পুনৰ গঠন কৰা হ’ব ৷ লগতে অন্য কিছু ক্ষেত্ৰত সালসলনি ঘটোৱা হ’ব ৷ উল্লেখ্য যে,ৰে’ল ব্যৱস্থাপনাৰ পুনঃগঠনৰ ফলত বিভাগৰ সংখ্যা হ্ৰাস কৰা হ’ব ৷ কেন্দ্ৰীয় কেবিনেটে ৰে’লৱে ব’ৰ্ডৰ বিভাগৰ সংখ্যা আঠৰ পৰা পাঁচলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ৰে’লমন্ত্ৰী পিয়ুস গোৱেলে মঙলবাৰে এই কথা সদৰী কৰে ৷ অধ্যক্ষকে আদি কৰি আন আন সদস্য বৰ্তমান একেটা বিভাগতে সীমাবদ্ধ থাকিব ৷

গোৱেলে ঘোষণা কৰা মতে,যান-বাহন,ৰ’লিং ষ্টক,ট্ৰেক্সন আৰু আভিযান্ত্ৰিকৰ ক্ষেত্ৰত ৰে’লৱে ব’ৰ্ডৰ সদস্যৰ পৰিৱৰ্তে নৱগঠিত ব’ৰ্ডৰ সদস্য থাকিব ৷ য’ত ব্যৱসায় উন্নীতকৰণ,আন্তঃগাঁথনি আৰু বিত্ত আদি বিষয় অন্তৰ্ভূক্ত থাকিব ৷

ভাৰতীয় ৰে’লসেৱাৰ ব্যৱস্থাপনা পৰিৱৰ্তনৰ সিদ্ধান্ত কেবিনেটত

আঠটা ভিন্ন বিভাগৰ সেৱাৰ পৰিৱৰ্তে অনাগত দিনত ভাৰতীয় ৰে’লৰ একমাত্ৰ পৰিচয় হ’ব- এক ভাৰতীয় ৰে’লসেৱা ৷ য’ত সন্নিৱিষ্ট থাকিব আভিযান্ত্ৰিক,যান-বাহনকে ধৰি মেকানিকেল আৰু ইলেক্ট্ৰিকেল বিযয় ৷ ৰে’ল সেৱাত ভৱিষ্যতে নিৰাপত্তা বাহিনী আৰু স্বাস্থ্য সেৱা বিভাগ নামে দুটা বিভাগ একে ৰে’লৱে পৰিচালনা সমিতিত অন্তৰ্ভূক্ত থাকিব ৷ পুনঃগঠনৰ ফলত বিভাগসমূহৰ সেৱা উচ্চপৰ্যায়ৰ হোৱাৰ লগতে মসৃণ হ’ব বুলি গোৱেলে কয় ৷

এক সূত্ৰত প্ৰকাশিত তথ্য অনুসৰি,ইয়াৰ দ্বাৰা পূৰ্বে লোকচানৰ সন্মুখীন হোৱা ৰে’লৱেৰ বিভিন্ন বিভাগসমূহৰ মাজত লোকচানৰ পৰিমাণ কমিব ৷ ৰে’লৱে ব’ৰ্ডৰ এই পুনৰ গঠনৰ বাবে 2015 চনত বিবেক দেৱৰয় কমিটিয়ে পৰামৰ্শ আগবঢ়াইছিল ৷ ভাৰতীয় ৰেলসেৱাৰ কেন্দ্ৰীকৰণ আৰু বিভাগীয়কৰণৰ ফলত ৰে’ল সেৱাৰ কৰ্ম-সংস্কৃতি আৰু লক্ষ্যৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিব বুলি কমিটিখনে উল্লেখ কৰে ৷ দৰাচলতে একাধিক মেৰপেঁচৰ পৰা ৰে’লসেৱাক মুক্ত কৰিবলৈয়ে কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

লগতে চাওকঃগাজিয়াবাদত প্লাষ্টিকৰ দ্বাৰা নিৰ্মাণ হৈছে তিনিটাকৈ পথ

Intro:Body:

The Union Cabinet has approved the downsizing of the strength of the Railway Board from eight to five, including the chairman, and merging its different cadres and departments into a single entity.

New Delhi: The restructuring of Railways will end departmentalism, Railway Minister Piyush Goyal said on Tuesday, after the Union Cabinet approved the downsizing of the strength of the Railway Board from eight to five, including the chairman, and merging its different cadres and departments into a single entity.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.