ETV Bharat / bharat

2021-22 বৰ্ষৰ বাজেট ব্যৱহাৰিক আৰু উন্নয়নসমূলক: সৰ্বানন্দ সোণোৱাল

author img

By

Published : Feb 1, 2021, 9:46 PM IST

মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, বাজেটৰ প্ৰস্তাৱসমূহত দেশৰ পুঁজি তথা উদ্ভাৱনসমূহক পুনৰ সঞ্চালিত কৰাৰ সমান্তৰালকৈ স্বাস্থ্য, শাৰিৰীক তথা আৰ্থিক মূলধন আৰু আন্তঃগাঠনিসমূহক গতি প্ৰদান কৰিব ৷ ইয়াৰ উপৰিও 1016 চনৰ বিত্তীয় বাজেটৰ পিছত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বুজাবুজিৰ ফলতে 2021-22 বৰ্ষৰ বাজেটত অসমৰ যোগাযোগ আৰু আন্তঃগাঠনিৰ ক্ষেত্ৰত লক্ষণীয় বৃদ্ধি দেখিবলৈ পোৱা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷

Budget is pragmatic, people friendly and development oriented: Sarbanada Sonowal
2021-22 বৰ্ষৰ বাজেট ব্যৱহাৰিক আৰু উন্নয়নসমূলক: সৰ্বানন্দ সোণোৱাল

নিউজ ডেস্ক,1 ফেব্ৰুৱাৰী: সোমবাৰে সংসদৰ মজিয়াত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰা সাধাৰণ বাজেটক ব্যৱহাৰিক, ৰাইজৰ বাবে সুবিধাজনক আৰু উন্নয়নসমূলক আখ্যা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ ইয়াৰ উপৰিও ৰাজ্যখনৰ পথৰ আন্তঃগাঠনি আৰু চাহ উদ্যোগৰ উন্নয়নৰ ক্ষেত্ৰতো বাজেটত পেকেজ ঘোষণা কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিত্তমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷

মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, বাজেটৰ প্ৰস্তাৱসমূহে দেশৰ পুঁজি তথা উদ্ভাৱনসমূহক পুনৰ সঞ্চালিত কৰাৰ সমান্তৰালকৈ স্বাস্থ্য, শাৰিৰীক তথা আৰ্থিক মূলধন আৰু আন্তঃগাঠনিসমূহক গতি প্ৰদান কৰিব ৷ ইয়াৰ উপৰিও 2016 চনৰ বিত্তীয় বাজেটৰ পিছত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বুজাবুজিৰ ফলতে 2021-22 বৰ্ষৰ বাজেটত অসমৰ যোগাযোগ আৰু আন্তঃগাঠনিৰ ক্ষেত্ৰত লক্ষণীয় বৃদ্ধি দেখিবলৈ পোৱা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷

2021-22 বৰ্ষৰ বিত্তীয় বাজেটত অসমত তিনি বছৰৰ ভিতৰত মুঠ 1300 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মান আৰু মেৰামতিৰ বাবে 34,000 কোটি টকাৰ পেকেজ ঘোষণা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷ ইয়াৰ উপৰিও চাহ কৰ্মীসকলৰ বাবেও এইবেলি বাজেটত পেকেজ ঘোষণা কৰা কাৰ্যৰো শলাগ লয় মুখ্যমন্ত্ৰীয়ে ৷ চাহ শ্ৰমিকসকলৰ বাবে বাজেটত ঘোষণা কৰা 1000 কোটি টকাই তেওঁলোকৰ স্বাস্থ্য আৰু সম্প্ৰদায়টোৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট লাভদায়ক হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

লগতে পঢ়ক-প্ৰতিৰক্ষা বিভাগত 4.78 লাখ কোটি টকা ধাৰ্য 2021-22 বৰ্ষৰ বাজেটত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.