ETV Bharat / bharat

COVID-19 : কৰ'ণাভাইৰাছৰ পৰা পৰিত্ৰাণৰ বাবে বৌদ্ধ ভিক্ষুৰ প্ৰাৰ্থনা

author img

By

Published : Mar 10, 2020, 6:52 PM IST

সোমবাৰে বিহাৰৰ বোধগয়াস্থিত Mahakaruna Foundation আৰু Mahabudh international meditation centreত এক বিশেষ প্ৰাৰ্থনা সভাৰ আয়োজন কৰে বৌদ্ধ ভিক্ষুসকলে ৷ কৰ'ণাভাইৰাছৰ পৰা পৰিত্ৰাণ বিছাৰি এইদৰে হাজাৰৰো অধিক ভিক্ষুৰ লগতে নান আৰু স্থানীয় লোকসকলে পবিত্ৰ বোধি গছৰ তলত প্ৰাৰ্থনা আগবঢ়ায় ৷

কৰ'ণাভাইৰাছৰ পৰা পৰিত্ৰাণৰ বাবে বৌদ্ধ ভিক্ষুৰ প্ৰাৰ্থনা

নিউজ ডেস্ক, 10 মাৰ্চ : মাৰাত্মক কৰ'ণাভাইৰাছৰ পৰা পৰিত্ৰাণ বিছাৰি সোমবাৰে বিহাৰৰ বোধগয়াত সমাৱেত হয় হাজাৰোধিক বৌদ্ধ ভিক্ষু ৷ পবিত্ৰ বোধি গছৰ তলত এইদৰে একত্ৰিত হৈ প্ৰাৰ্থনা আগবঢ়ায় বৌদ্ধ ভিক্ষুসকলৰ লগতে স্থানীয় লোকসকলে ৷

"আজিৰ দিনটো এটা পবিত্ৰ দিন ৷ বৌদ্ধ কেলেণ্ডাৰৰ আজিৰ পূৰ্ণিমাৰ দিনটো এটা পবিত্ৰ দিন হিচাপে বিবেচনা কৰা হয় ৷ এই বিশেষ দিন উপলক্ষে Mahakaruna Foundation আৰু Mahabudh international meditation centreৰ সহযোগত বিশ্ববাপী বিয়পি পৰা কৰ'ণাভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ আমি এইদৰে একত্ৰিত হৈছো ৷" বিশেষ প্ৰাৰ্থনা আগবঢ়াই এইদৰে উল্লেখ কৰে ব্যৱস্থাপক হাইঝোং য়াঙে ৷ তেওঁ লগতে কয় যে, "চিকিৎসা বিজ্ঞান আৰু প্ৰযুক্তিয়ে তেওঁলোকৰ সক্ষমতা অনুসাৰে এই ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰি আছে ৷ কিন্তু চিকিৎসা বিজ্ঞানৰ উৰ্ধতো কেতবোৰ বিষয় আছে ৷ য'ত বিজ্ঞান বিফল হয় তাত আধ্যাত্মিক বিশ্বাসৰ প্ৰয়োজন আহি পৰে ৷"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.