নিউজ ডেস্ক, ২১ জুনঃ উত্তৰ প্ৰদেশৰ চাকেৰি আৰক্ষী চকীৰ অন্তৰ্গত কানপুৰত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে এজন বহুজন সমাজবাদী দলৰ নেতাক । ২০ জুনত সংঘটিত হয় এই ঘটনা। নিহত নেতাজন সম্পত্তি ব্যৱসায়ত জড়িত আছিল বুলি জানিব পৰা গৈছে।
কানপুৰ চহৰৰ জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক দিনেশ কুমাৰ প্ৰভুই সাংবাদিকৰ আগত উল্লেখ কৰা অনুসৰি, দুৰ্বৃত্তই প্ৰথমে নেতাগৰাকীৰ গাড়ীখনক লক্ষ্য কৰি আহি আছিল আৰু তাৰ পাছত তেখেতক গুলীয়াই থৈ পলায়ন কৰে।
"পিণ্টু সেংগাৰ নামৰ সম্পত্তি ব্যৱসায়ীত জড়িত নেতা গৰাকীক ২০ জুনত দুৰ্বিত্তই গুলীয়াই হত্যা কৰে। তেখেতক গুলী কৰাৰ পূৰ্বে দুখন বাইকেৰে অহা দুৰ্বৃত্তৰ দলটোৱে ব্যৱসায়ীগৰাকীৰ বাহনখনক লক্ষ্য কৰি আহি আছিল। দুৰ্বৃত্তৰ গুলীত আহত হোৱা নেতাজনক আৰক্ষীয়ে হাস্পতালত ভৰ্তি কৰায় যদিও চিকিত্সকে তেওঁক মৃত বুলি ঘোষণা কৰে।" আৰক্ষী পৰিদৰ্শক দিনেশ কুমাৰ প্ৰভুই উল্লেখ কৰে এই কথা।
নেতাগৰাকীক উদ্দেশ্যি দুৰ্বৃত্তৰ দলটোৱে ৫-৬ জাই গুলী চলায় বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। সম্প্ৰতি কানপুৰ আৰক্ষীয়ে এই ঘটনাৰ প্ৰমাণ সংগ্ৰহ কৰি থকাৰ লগতে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।