ETV Bharat / bharat

4G আপগ্ৰেডৰ সময়ত BSNL এ ব্যৱহাৰ কৰিব নোৱাৰিব চীনা টেলিকম সামগ্ৰী

author img

By

Published : Jun 18, 2020, 8:05 AM IST

টেলিকম বিভাগে BSNL ক 4G নেটৱৰ্কলৈ আপগ্ৰেডৰ সময়ত চীনা সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিব ৷ ইয়াৰোপৰি, চীনা সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল নহৈ ব্যক্তিগত টেলিকম অপাৰেটৰ ব্যৱহাৰ কৰিবলৈও বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব ৷

টেলিকম বিভাগ
4G আপগ্ৰেডৰ সময়ত BSNL এ ব্যৱহাৰ কৰিব নোৱাৰিব চীনা টেলিকম সামগ্ৰী

নেশ্যনেল ডেস্ক, 18 জুন : The Department of Telecom (DoT) য়ে ৰাজ্যসমূহত থকা ভাৰত সঞ্চাৰ নিগম লিমিটেডক (BSNL) 4G আপগ্ৰেডেচনৰ সময়ত চাইনীজ টেলিকম সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিব ৷ সূত্ৰ অনুসৰি, কোম্পানীটোৰ পুনৰুত্থান পেকেজ হিচাপে এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিব পৰা গৈছে ৷

পূৱ লাডাখৰ পাংগং টিছু, গলৱান উপত্যকা, ডেমচক আৰু দৌলত বেগত ভাৰত-চীন সেনাৰ সংঘৰ্ষৰ পাচতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

এই সংঘৰ্ষৰ ফলত ভাৰতত চীন বিৰোধী শক্তি গা কৰি উঠিছে ৷ প্ৰতিবাদকাৰী আৰু ব্যৱসায়িক সংস্থা যেনে, CAIT আদিয়ে চীনা সামগ্ৰী বয়কট কৰিবলৈ দাবী কৰি আহিছে ৷

সূত্ৰই জানিবলৈ দিয়া অনুসৰি, টেলিকম বিভাগে BSNL ক 4G নেটৱৰ্কৰ আপগ্ৰেডৰ সময়ত চীনা সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিব ৷ ইয়াৰোপৰি, চীনা সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল নহৈ ব্যক্তিগত টেলিকম অপাৰেটৰ ব্যৱহাৰ কৰিবলৈও বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব ৷

পূৰ্বে নেটৱৰ্ক সুৰক্ষাৰ ক্ষেত্ৰত চীনৰ সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ সকলোৱে দাবী উত্থাপন কৰিছিল ৷ ইয়াৰোপৰি, টুইটাৰত 'HindiCheeniByeBye' and 'BharatVsChina' আদি হেছটেগ বৰ্তমান বহুলভাৱে চৰ্চিত হৈ আছে ৷

বুধবাৰে পুৱাৰ ভাগত চীনা মোবাইল নিৰ্মাণকাৰী সংস্থা Oppo য়ে ইয়াৰ 5G স্মাৰ্টফোনৰ উন্মোচনৰ লাইভষ্ট্ৰীম ভাৰতত বাতিল কৰিছিল ৷ চীনৰ সামগ্ৰীক বয়কট কৰিবলৈ জোৰদাৰ প্ৰতিবাদ সাব্যস্ত হোৱাৰ পাচতে এই লাইভষ্ট্ৰীম বাতিল কৰা হৈছিল ৷

উল্লেখ্য যে, ভাৰতৰ পাঁচটা শীৰ্ষ স্মাৰ্টফোন বিক্ৰেতাৰ চাৰিটাই চীনত প্ৰস্তুত হোৱা - Xiaomi, Vivo, Realme and Oppo ৷ 2020 চনৰ মাৰ্চ মাহ পৰ্যন্ত ভাৰতৰ 76 শতাংশ বজাৰ চীনৰ এই স্মাৰ্টফোন বিক্ৰেতাসমূহে দখল কৰিছিল ৷ আনহাতে, চীনৰ উপৰি কোৰিয়াৰ Samsung শীৰ্ষ পাঁচটা স্থানত আছিল ৷

লগতে পঢ়ক : বিশ্ব বেংকৰ ফালৰ পৰা ভাৰতক সকিয়নী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.