১৮আগষ্ট,কলকাতা;
পশ্চিমবংগত সীমা সুৰক্ষা বাহিনীৰ জালত নাৰী সৰবৰাহকাৰী । ধৃত নাৰী সৰবৰাহকাৰীৰ কবলৰ পৰা এগৰাকী বাংলাদেশী মহিলাক উদ্ধাৰ কৰে সীমা সুৰক্ষা বাহিনীৰ জোৱানে । পশ্চিমবংগৰ উত্তৰ ২৪ পাৰগণা জিলাৰ পৰা মঙলবাৰে উদ্ধাৰ কৰে বাংলাদেশী মহিলাগৰাকীক ।
দীৰ্ঘদিন ধৰি নাৰী সৰবৰাহকাৰী চক্ৰৰ সৈতে জড়িত এটা সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে সীমা সুৰক্ষা বাহিনীৰ জোৱানে । সৰবৰাহকাৰীটোৰ নাম তাৰিয়াল গাজি । তাৰিয়ালৰ ঘৰ উত্তৰ ২৪ পাৰগণা জিলাৰ স্মৰূপনগৰ আৰক্ষী থানাৰ অন্তৰ্গত ধাৰখন্দা গাঁৱত। বাংলাদেশী মহিলাগৰাকীক সৰবৰাহকাৰীৰ হাতত বিক্ৰীৰ উদ্দেশ্যেৰে বাংলাদেশৰ পৰা ভাৰতলৈ আনিছিল ধৃত সৰবৰাহকাৰীটো । মহিলাগৰাকীৰ ঘৰ বাংলাদেশৰ গয়াবান্দা জিলাত । সোমবাৰে বাংলাদেশৰ পৰা ভাৰতলৈ অনা হৈছিল মহিলাগৰাকীক । বিশেষ সূত্ৰৰ পম খেদি ভাৰত-বাংলা সীমান্তৰ ভিথাৰী চকীৰ সীমা সুৰক্ষা বাহিনীৰ জোৱানে চলোৱা এক অভিযানত বাংলাদেশী মহিলাগৰাকীক উদ্ধাৰ কৰে ।