ETV Bharat / bharat

নাৰীদেহ সৰবৰাহকাৰীৰ কবলৰ পৰা বাংলাদেশী মহিলাক উদ্ধাৰ বি এছ এফৰ - পশ্চিমবংগৰ উত্তৰ 24 পৰগনা জিলা

পশ্চিমবংগৰ উত্তৰ 24 পৰগনা জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ পৰা এগৰাকী বাংলাদেশী মহিলাক নাৰীদেহ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে ৷

BSF rescues Bangladeshi woman from human traffickers
নাৰীদেহ সৰবৰাহকাৰীৰ কবলৰ পৰা বাংলাদেশী মহিলাক উদ্ধাৰ বি এছ এফৰ
author img

By

Published : Aug 26, 2020, 12:28 PM IST

নিউজ ডেস্ক, 26 আগষ্ট : পশ্চিমবংগৰ উত্তৰ 24 পৰগনা জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ পৰা এগৰাকী বাংলাদেশী মহিলাক নাৰীদেহ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে ৷ মহিলাগৰাকীক নাৰীদেহ সৰবৰাহকাৰীয়ে মুম্বাইলৈ সৰবৰাহৰ চেষ্টা চলাই আছিল বুলি মঙলবাৰে বি এছ এফৰ ফালৰ পৰা সদৰি কৰা হয় ৷

বি এছ এফৰ এক বিভাগীয় মন্তব্যত কোৱা হয় যে, "25 আগষ্টত বি এছ এফে নিজৰ গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰে যে, ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ হৈ উত্তৰ 24 পৰগনা জিলাৰ গাঙ্গুলীয়া গাঁৱত এগৰাকী বাংলাদেশী মহিলাই অবৈধভাৱে প্ৰৱেশ কৰি দালালৰ সহযোগত লুকাই আছে ৷ " যাৰ পাছতেই সুৰক্ষা বাহিনীয়ে অভিযান চলাই মহিলাগৰাকীক উদ্ধাৰ কৰি মোস্তাফাপুৰ বি অ পিলৈ আনে আৰু মহিলাগৰাকীক সোধপোচ কৰাৰ পাছত সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷

মহিলাগৰাকীৰ বয়স 27 বছৰ বুলি জানিব পৰা গৈছে ৷ মহিলাগৰাকীক প্ৰাথমিক সোধপোচ কৰাত মহিলাগৰাকীয়ে নিজৰ স্বামীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক তথা আৰ্থিক দৈন্যতাৰ বাবেই এই পথ বাচি ল'বলৈ বাধ্য হয় বুলি জনায় ৷ মহিলাগৰাকীৰ এই দুৰ্বলতাৰ সুযোগ লয় নাৰী সৰবৰাহকাৰীৰ দলটোৱে ৷ এই সৰবৰাহকাৰী চক্ৰটোৰ লগত ভাৰতীয় লোকৰ লগতে বাংলাদেশী লোকো জড়িত হৈ আছে বুলি জনাই বিভাগীয় কতৃপক্ষই ৷

লগতে পঢ়ক : ৰায়গড় ঘটনা : মৃতকৰ সংখ্যা ১৪ গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.