নেশ্যনেল ডেস্ক, 26 জুলাই : শনিবাৰে সীমান্ত সুৰক্ষা বলৰ (BSF) এজন জোৱানে সন্দেহজনক পৰিস্থিতিত বুলেটৰ আঘাত লাভ কৰে ৷ ইয়াৰ পাচতে জোৱানজনক জম্মু-কাশ্মীৰৰ ছাম্বাৰ এখন চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ আঘাতপ্ৰাপ্ত জোৱানজনক কঠুৱা জিলা সীমান্তৰ আউটপোষ্টত মোতায়েন কৰা হৈছিল ৷ কৰ্মৰত অৱস্থাতে বুলেটৰ দ্বাৰা আঘাতপ্ৰাপ্ত হয় জোৱানজন ৷
বিএছএফৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি, আঘাতপ্ৰাপ্ত জোৱানজনে চিকিৎসা লাভ কৰিছে আৰু সংকটমুক্ত হৈছে ৷ উল্লেখ্য যে, শুকুৰবাৰৰ দিনাও জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত চাৰ্ভিছ ৰাইফলেৰে নিজকে গুলীবিদ্ধ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল এজন চিআৰপিএফ জোৱান ৷
লগতে পঢ়ক : পাকিস্তানৰ মিছা চৰিত্ৰ উদঙোৱা এক টেলিফোনিক বাৰ্তালাপ