ETV Bharat / bharat

পশ্চিমবংগৰ ভাৰত-বাংলা সীমান্তত অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী কৰায়ত্ত - বাংলাদেশী অনুপ্ৰৱেশকাৰী

পশ্চিমবংগত সীমান্ত সুৰক্ষা বাহিনীৰ জালত ৭টা অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী । ভাৰত-বাংলা সীমান্তৰে পশ্চিমবংগৰ নদিয়া জিলাত প্ৰৱেশ কৰোঁতেই সীমান্ত সুৰক্ষা বাহিনীয়ে কৰায়ত্ত কৰে বাংলাদেশী অনুপ্ৰৱেশকাৰীকেইটাক ।

পশ্চিমবংগৰ ভাৰত-বাংলা সীমান্তত ৭টা অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী কৰায়ত্ত

author img

By

Published : Aug 27, 2020, 1:01 PM IST

নেশ্যনেল ডেস্ক, ২৭ আগষ্ট : সীমান্ত সুৰক্ষা বাহিনীৰ জালত অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী । মঙলবাৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল ৭ টা অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে । ভাৰত-বাংলা সীমান্তৰ পশ্চিমবংগৰ নদিয়া জিলাৰ মহেন্দ্ৰ অঞ্চলৰ পৰা বুধবাৰে বাংলাদেশী অনুপ্ৰৱেশকাৰীকেইটাক সীমান্ত সুৰক্ষা বাহিনীয়ে কৰায়ত্ত কৰে । মানৱ দেহ সৰবৰাহকাৰীৰ সহায়ত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ কথা স্বীকাৰ কৰিছে অনুপ্ৰৱেশকাৰীকেইটাই । ৭ টা অনুপ্ৰৱেশকাৰীৰ ভিতৰত দুগৰাকী মহিলা, এটা ৩ বছৰীয়া শিশুও আছে । মহেন্দ্ৰ অঞ্চলৰ গজনা গাঁও আৰু তাৰকপুৰ সংযোগী পথত বাহনৰ বাবে অপেক্ষা কৰি থকা অৱস্থাত আটাইকে কৰায়ত্ত কৰে বুলি প্ৰকাশ কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে ।

বাংলাদেশী নাগৰিককেইটাৰ লগত কোনোধৰণৰ সঠিক নথি-পত্ৰ নাছিল । অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীকেইটাৰ পৰা সীমান্ত সুৰক্ষা বাহিনীয়ে ২,১০৬ বাংলাদেশী টকা জব্দ কৰে । দুগৰাকী মহিলাক হাইদৰাবাদলৈ প্ৰেৰণ কৰাৰ বিপৰীতে বাকী আটাইকেইজনে চেন্নাইত কাম কৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছিল । হাইদৰাবাদলৈ যাবলৈ যো-জা কৰা মহিলা দুগৰাকীয়ে পূৰ্বেও ছেকেণ্ডৰাবাদ বাছ আস্থানৰ সমীপৰ এঘৰত শিশুৰ পৰিচৰ্যাকাৰী হিচাপে কৰ্মৰত আছিল বুলি জেৰাত স্বীকাৰোক্তি দিছে । আনহাতে চেন্নাইলৈ যোৱাৰ পৰিকল্পনা কৰা কেইজনক ইলিয়াছ নামৰ এজন লোকে চেন্নাইত কামৰ ব্যৱস্থা কৰি দিয়াৰ আশ্বাস দিছিল । বাংলাদেশৰ পৰা আটাইকে কালিক আৰু কিতাব আলি শ্বিকদাৰ নামৰ দুজনে লোকে ভাৰতলৈ পঠাইছিল আৰু ইয়াৰ সকলো খৰছৰ দায়িত্ব লৈছিল ছেকেণ্ডৰাবাদৰ বৰংগল আৰু চেন্নাইৰ ইলিয়াছ নামৰ দুজন লোকে ।

লগতে পঢ়ক : 'NORTHERN COMMAND EQUIPMENT DISPLAY 2020'ৰ আয়োজন ভাৰতীয় সেনাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.