ETV Bharat / bharat

ভাৰতত পুনৰ তিনিজন লোক কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সন্দেহ !

author img

By

Published : Mar 9, 2020, 7:48 PM IST

ভাৰততো কৰ’ণা ভাইৰাছৰ আতংক দিনকদিনে বৃদ্ধি পোৱা দেখা গৈছে ৷ জম্মু-কাশ্মীৰত দুজন ব্যক্তিক কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰি চিকিৎসা আগবঢ়াই থকা হৈছে ৷ বৰ্তমানলৈকে কেন্দ্ৰীয় শাসিত অঞ্চলটোত দুই ডজনতকৈয়ো অধিক লোকক ভাইৰাছবিধত আক্ৰান্তৰ সন্দেহত স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে যদিয়ো কোনো এজন লোক ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ বাতৰি এতিয়ালৈকে অহা নাই ৷

কৰ’ণা ভাইৰাছ আতংক
কৰ’ণা ভাইৰাছ আতংক

জম্মু,7 মাৰ্চঃ জম্মু-কাশ্মীৰত দুজন ব্যক্তিক কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰি চিকিৎসা আগবঢ়াই থকা হৈছে ৷ ৰাজ্যখনৰ প্ৰশাসনে শনিবাৰে এই কথা সদৰী কৰে ৷ লগতে কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ সকলোধৰণৰ বায়’মেট্ৰিক পদ্ধতি সন্নিৱিষ্ট থকা ব্যৱস্থাসমূহ স্থগিত ৰখা হৈছে ৷ ৰাজ্যখনৰ প্ৰশাসনে জম্মু আৰু চাম্বা জিলাৰ সকলো প্ৰাথমিক শিক্ষানুষ্ঠান 31 মাৰ্চলৈ বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰা বুলি বিভাগীয় কৰ্তৃপক্ষই ঘোষণা কৰিছে ৷ দুয়োজন ব্যক্তিৰে শাৰিৰীক পৰীক্ষাৰ যাৱতীয় প্ৰতিবেদনসমূহ ইতিমধ্যে চিকিৎসালয় কৰ্তৃপক্ষই লাভ কৰিছে ৷ য’ত দুয়োগৰাকী ব্যক্তি কৰ’ণা ভাইৰাছত সংক্ৰমণ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ সম্প্ৰতি দুয়োজন ব্যক্তিকে জম্মুৰ চৰকাৰী চিকিৎসালয় মহাবিদ্যালয়ৰ পৰ্যবেক্ষণ কক্ষত আছুতীয়াকৈ ৰখা হৈছে ৷ দুয়োগৰাকী ৰোগীৰ ক্ষেত্ৰক যথেষ্ঠ সাৱধানতা অৱলম্বন কৰা হৈছে বুলি মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰে ৷ আক্ৰান্ত ৰোগী দুজনে শেহতীয়াকৈ ইটালী আৰু দক্ষিণ কোৰিয়াৰ পৰা ভ্ৰমণ কৰি আহিছিল ৷ ৰোগী দুজনৰ শৰীৰৰ পৰা ৰোগৰ নমুনা সংগ্ৰহ কৰি পুনেস্থিত নেশ্যনেল ইনষ্টিটিউট অফ ভাইৰ’ল’জি"লৈ প্ৰেৰণ কৰ হৈছে ৷

কৰ’ণা ভাইৰাছ আতংক

জম্মু-কাশ্মীৰ চৰকাৰে পৰাপক্ষত জনসাধাৰণক ৰাজহুৱা স্থানত জুম বান্ধি থকাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ৷ লগতে শিক্ষানুষ্ঠানসমূহৰ অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাসমূহ বৰ্তমান স্থগিত কৰি বন্ধ খোলাৰ পিছত অনুষ্ঠিত কৰিব বুলি কৰ্তৃপক্ষই সদৰী কৰিছে ৷ সম্প্ৰতি জম্মু-কাশ্মীৰত কভিদ-19 ৰ বাবে জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে ৷ বৰ্তমানলৈকে কেন্দ্ৰীয় শাসিত অঞ্চলটোত দুই ডজনতকৈয়ো অধিক লোকক ভাইৰাছবিধত আক্ৰান্তৰ সন্দেহত স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে যদিয়ো কোনো এজন লোক ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ বাতৰি এতিয়ালৈকে অহা নাই ৷

লগতে চাওকঃসুদীৰ্ঘ 10 দিনৰ পিচত ঘৰলৈ উভতিল জুবিন গাৰ্গ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.