ETV Bharat / bharat

মৃত মস্তিষ্কৰ প্ৰিয়ংকাই এজন তৰুণক দিলে নতুন জীৱন - উৰিষ্যাৰ কটক চহৰৰ এচ.এচ.বি চিকিৎসালয়

মস্তিষ্ক মৃত ঘোষিত গঞ্জমৰ বাসিন্দা প্ৰিয়ংকাৰাণী পাত্ৰই অন্য ব্যক্তিক দিলে নতুন জীৱন ৷ এইটো উৰিষ্যাৰ প্ৰথমটো কাডাভেৰিক কিডনী ট্ৰান্সপ্লান্টৰ ঘটনা ৷ সোমবাৰে ৰাতি এচ চি বি চিকিৎসালয়ত সফল অস্ত্ৰোপ্ৰচাৰৰ জৰিয়তে প্ৰিয়ংকাৰাণী পাত্ৰৰ কিডনী সংৰোপন কৰা হয় অন্য এগৰাকী ব্যক্তিক ৷

Brain dead Priyanka gives freash lease of life to youth
উৰিষ্যাৰ প্ৰথমটো কাডাভেৰিক কিডনী ট্ৰান্সপ্লান্টৰ ঘটনা
author img

By

Published : Feb 5, 2020, 6:06 PM IST

নিউজ ডেস্ক,5 ফেব্ৰুৱাৰীঃ সোমবাৰে নিশা উৰিষ্যাৰ কটক চহৰৰ এচ.এচ.বি চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে মৃত মস্তিষ্কৰ এগৰাকী যুৱতীৰ পৰা কাডাভেৰিক কিডনী ট্ৰান্সপ্লান্টৰ জৰিয়তে কিডনী সংৰোপন কৰা হয় অন্য এগৰাকী ব্যক্তিক ৷ প্ৰথমবাৰৰ বাবে উৰিষ্যাত সফলৰূপত এই অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হয় ৷

কিছুদিন পূৰ্বে এটা দুৰ্ঘটনাত পতিত হৈছিল উৰিষ্যাৰ প্ৰিয়ংকাৰাণী পাত্ৰ ৷ ভুৱনেশ্বৰৰ এখন ব্যক্তিগত হাস্পতালে প্ৰিয়ংকাৰ মস্তিষ্ক মৃত হোৱাৰ কথা ঘোষণা কৰে ৷ খবৰটো পোৱাৰ লগে লগে পৰিয়ালবৰ্গ শোকত ডুব যোৱাৰ মাজতে কিন্তু এটা যথেষ্ট শলাগিবলগীয়া সিদ্ধান্ত গ্ৰহণ কৰে ৷ পৰিয়ালবৰ্গই প্ৰিয়ংকাৰ শৰীৰৰ বিভিন্ন অংগদান দিয়াৰ বাবে অনুমতি প্ৰদান কৰে ৷

Brain dead Priyanka gives freash lease of life to youth
উৰিষ্যাৰ প্ৰথমটো কাডাভেৰিক কিডনী ট্ৰান্সপ্লান্টৰ ঘটনা

সোমবাৰে এচ.এচ.বি নামৰ এখন ব্যক্তিগত চিকিৎসালয়ত সাত ঘন্টা জোৰা মাৰাথন অস্ত্ৰোপ্ৰচাৰৰ জৰিয়তে প্ৰিয়ংকাৰ কিডনী সংৰোপন কৰা হয় অন্য ব্যক্তিক ৷ উৰিষ্যাত ইয়াৰ পূৰ্বেও বহুতো অংগ সংৰোপন অস্ত্ৰোপ্ৰচাৰৰ কৰা হৈছে যদিও মৃত ব্যক্তিৰ পৰা অন্য ব্যক্তিক অংগ সংৰোপন ঘটনা হিচাপত প্ৰিয়ংকাৰাণী পাত্ৰৰ কাডাভেৰিক কিডনী ট্ৰান্সপ্লান্টৰ ঘটনাটোৱেই প্ৰথম ৷

লগতে পঢ়কঃবিশ্ব কেঞ্চাৰ দিৱস উপলক্ষ্যে মনৰ কথা ক'লে সোণালী, আয়ানে

Intro:No needBody:No needConclusion:No need
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.