ETV Bharat / bharat

উদ্ধৱ থাকৰেয়ে প্ৰশংসা কৰিলে অভিনেতা চনু সুদক - উদ্ধৱ থাকৰেক সাক্ষাৎ চনু সুদৰ

অভিনেতা চনু সুদক প্ৰশংসা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ ৷ দেওবাৰে নিশা সুৱৰ্ণ মুম্বাইৰ মাটোশ্ৰীস্থিত বাসগৃহত মুখ্যমন্ত্ৰী থাকৰেক সাক্ষাৎ কৰে অভিনেতাগৰাকীয়ে ৷

Sonu Sood meets Uddhav Thackeray
Sonu Sood meets Uddhav Thackeray
author img

By

Published : Jun 8, 2020, 4:57 AM IST

নিউজ ডেস্ক, 8 জুন : প্ৰৱজনকাৰী শ্ৰমিকক যাতায়তৰ সুবিধা কৰি দিয়াত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অভিনেতা চনু সুদক প্ৰশংসা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ ৷ দেওবাৰে নিশা সুৱৰ্ণ মুম্বাইৰ মাটোশ্ৰীস্থিত বাসগৃহত মুখ্যমন্ত্ৰী থাকৰেক সাক্ষাৎ কৰে অভিনেতাগৰাকীয়ে ৷ থাকৰে নেতৃত্বাধীন শিৱসেনাই চনু সুদে এখন বিজেপি ৰচিত নাটক কৰি থকা বুলি কৰা আক্ৰমণৰ এদিন পিচতে এই সাক্ষাৎ অনুষ্ঠিত হয় ৷

Sonu Sood meets Uddhav Thackeray
উদ্ধৱ থাকৰেক সাক্ষাতৰ পৰত অভিনেতা চনু সুদ

বিজেপিয়ে মহাৰাষ্ট্ৰত লক্ ডাউনৰ বাবে আৱদ্ধ হৈ থকা উত্তৰ ভাৰত প্ৰৱজনকাৰী শ্ৰমিক সকলক উদ্ধাৰ কৰিবলৈ চনু সুদক ব্যৱহাৰ কৰিছিল নে নাই সেই সম্বন্ধেও সন্দেহ প্ৰকাশ কৰিছে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে ৷ শিৱসেনা চৰকাৰক অক্ষমতা হিচাপে দেখুৱাবলৈ বিজেপিৰ এইয়া ৰাজনৈতিক অভিসন্ধিও হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ সাংসদ গৰাকীৰ ৷

শিৱসেনাৰ মুখপত্ৰ সামানাত প্ৰকাশিত নিজৰ সাপ্তাহিক নিবন্ধ "Rokhthok"ত ৰাউটে লক্ ডাউনৰ সময়ত 'মহাত্মা' চনু সুদৰ মহাৰাষ্ট্ৰৰ প্ৰতি হঠাৎ জাগ্ৰত হোৱা সামাজিক দায়ৱদ্ধতা সম্বন্ধে প্ৰশ্ন তুলিছে ৷ ৰাউটে 2019 চনৰ সাদাৰণ নিৰ্বাচনৰ পূৰ্বে অভিনেজনৰ বিৰুদ্ধে এটা ষ্টিং অপাৰেচনৰো পোষকতা কৰিছিল ৷ ৰাউটৰ মতে, চনু সুদে নিজৰ বিভিন্ন চ'ছিয়েল মিডিয়া একাউন্টৰ দ্বাৰা বিজেপি চৰকাৰৰ হৈ প্ৰচাৰ কৰিবলৈ ৰাজি হৈছে ৷

লগতে পঢ়ক : সুৰাৰ ওপৰত থকা কৰ'ণা বিশেষ কৰ আঁতৰ কৰিলে দিল্লী চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.