ETV Bharat / bharat

শীঘ্ৰে সমাধান হ'ব ভাৰত-নেপাল সীমা বিবাদঃ অজয় তমতা - ভাৰত-নেপাল সীমা বিবাদ

ভাৰত আৰু নেপাল মাজত চলি থকা ৰাজনৈতিক সংকটৰ মাজতে অলমোৰাৰ বিজেপি সাংসদ অজয় তমতাই দুয়োখন দেশৰ মাজৰ সীমা বিবাদ শীঘ্ৰে সমাধান কৰা হ'ব বুলি মত প্ৰকাশ কৰে ।

অজয় তমতা
author img

By

Published : Jul 31, 2020, 7:15 PM IST

নিউজ ডেস্ক, ৩১ জুলাইঃ অলমোৰাৰ বিজেপি সাংসদ অজয় তমতাই শুকুৰবাৰে নেপাল আৰু ভাৰতৰ সীমা বিবাদ সন্দৰ্ভত দুয়োখন দেশৰ মাজৰ ঘনিষ্ঠ সম্পৰ্ক প্ৰতি লক্ষ্য ৰাখি সমাধান কৰা হ'ব বুলি জানিবলৈ দিয়ে ।

টনকপুৰ সীমাৰ No-Man's-Landত নেপালৰ দ্বাৰা উত্থাপন কৰা অভিযোগৰ তদন্তৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰি তমতাই কয় যে,বিষয় সন্দৰ্ভত চৰকাৰী সংস্থাসমূহে সীমান্ত অঞ্চলত নজৰ ৰাখিছে । আৰু আশা কৰিছে যে শীঘ্ৰে এই বিষয় সন্দৰ্ভত সমাধান লাভ কৰিব । প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কয় যে,দেশৰ হিতৰ বাবে নেপালৰ সৈতে থকা ভাৰতৰ পাৰস্পৰিক সম্বন্ধ সন্দৰ্ভত শীঘ্ৰে সমাধান উলিওৱা হ'ব ।

লগতে চাওকঃ পুঠিমাৰী নৈৰ বানত পুনৰ জলমগ্ন ৰঙিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.