ETV Bharat / bharat

7.5 লাখ ধাৰবী বাসিন্দাক স্ক্ৰীনিঙৰ ব্যৱস্থা BMC ৰ - 7.5 লাখ ধাৰবী বাসিন্দাক স্ক্ৰীনিঙৰ ব্যৱস্থা BMC ৰ

এছিয়াৰ সৰ্ববৃহৎ বস্তি এলেকা ধাৰবীত স্ক্ৰীনিঙৰ ব্যৱস্থা পৌৰসভা প্ৰশাসনৰ ৷ COVID-19 ত আক্ৰান্তৰ হোৱাৰ লক্ষণ দেখা পালে ততাতৈয়াকৈ পৰীক্ষণৰ ব্যৱস্থা কৰা হ'ব ৷

এছিয়াৰ সৰ্ববৃহৎ বস্তি এলেকা ধাৰবী
7.5 লাখ ধাৰবী বাসিন্দাক স্ক্ৰীনিঙৰ ব্যৱস্থা BMC ৰ
author img

By

Published : Apr 11, 2020, 8:44 PM IST

Updated : Apr 11, 2020, 10:04 PM IST

নেশ্যনেল ডেস্ক, 11 এপ্ৰিল : এছিয়াৰ সৰ্ববৃহৎ বস্তি এলেকা ধাৰবীৰ 7.5 লাখ বাসিন্দাৰ শনিবাৰৰ পৰা স্ক্ৰীনিং আৰম্ভ কৰিছে ব্ৰিহানমুম্বাই পৌৰসভা প্ৰশাসনে (BMC) ৷

এছিয়াৰ সৰ্ববৃহৎ বস্তি এলেকা ধাৰবী
7.5 লাখ ধাৰবী বাসিন্দাক স্ক্ৰীনিঙৰ ব্যৱস্থা BMC ৰ

সূত্ৰই প্ৰকাশ কৰা অনুসৰি, প্ৰথম দিনা ধাৰবীৰ ওচৰ-পাজৰ অঞ্চল আৰু মুকুন্দ নগৰৰ পৰা ক্ৰীনিং আৰম্ভ কৰা হয় ৷ এই স্ক্ৰীনিঙৰ সময়ত পৌৰসভাৰ কৰ্মচাৰী আৰু চিকিৎসকৰ এটাকৈ দলে প্ৰতি ঘৰতে প্ৰৱেশ কৰিব ৷

এজন BMC বিষয়াই জানিবলৈ দিয়া অনুসৰি, "এটা ডিজিটেল থাৰ্মোমিটাৰৰ জৰিয়তে আমি দেহৰ উষ্ণতা জুখিছো ৷ আমি বাসিন্দাসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে তেওঁলোকৰ ভ্ৰমণ ইতিবৃত্ত আৰু বিভিন্ন বিষয় সম্পৰ্কত জানিবলৈ চেষ্টা কৰিছো ৷"

বিষয়াগৰাকীয়ে লগতে কয়, "এই স্ক্ৰীনিঙৰ সময়ত কোনো লোকৰ দেহত কৰ'ণা ভাইৰাছৰ লক্ষণ দেখা পালে পৌৰসভাত অৱগত কৰাৰ লগতে সন্দেহজনক ব্যক্তিজনক পৰীক্ষা কৰা হ'ব ৷

স্থানীয় সাংসদ ৰাহুল শেৱালেই কয়, "Indian Medical Council আৰু Maharashtra Medical Council ৰ পৰা পৌৰসভা প্ৰশাসনক সেৱা আগবঢ়াবৰ বাবে চিকিৎসকৰ ব্যৱস্থা কৰা হৈছে ৷ পৌৰসভা কৰ্মচাৰীৰ সহযোগত অহা 10-12 দিনত প্ৰায় 150 জন চিকিৎসকে ধাৰবীৰ সমগ্ৰ অঞ্চলত স্ক্ৰীনিং কৰিব ৷"

সূত্ৰই জানিবলৈ দিয়া অনুসৰি, COVID-19 ত আক্ৰান্তৰ সংখ্যা দিনে দিনে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰক লকডাউন বৃদ্ধি কৰিবৰ বাবে আহ্বান জনোৱাৰ সম্ভাৱনা আছে ৷ শনিবাৰে সন্ধিয়া পৰ্যন্ত এই সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷

Last Updated : Apr 11, 2020, 10:04 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.