নিউজ ডেস্ক,৪জুনঃ দিল্লীৰ উত্তৰ বিনুদ নগৰ পৌৰ নিগমৰ সদস্য ৰাহুল সিংক অচিনাক্ত দুৰ্বৃত্তই প্ৰত ভ্ৰমণ কৰিবলৈ যোৱাৰ সময়তেই ময়ুৰ পাব্লিক স্কুলৰ ওচৰত আক্ৰমণ কৰে ৷ ইয়াৰ পূৱে আঠ মাহৰ আগতেও ৰাহুলক আক্ৰমণৰ চেষ্টা কৰিছল দুৰ্বৃত্তই ৷
উল্লেখযোগ্য যে, ৰাহুল সিং বিজেপি নেতা হোৱাৰ লগতে মিউনিচিপাল নিগমৰ প্ৰাক্তন সদস্য আছিল ৷ উল্লেখ্য যে, বুধবাৰে পুৱা 8 বজাত অচিনাক্ত দুৰ্বৃত্তই ছয়ৰ পৰা পাচঁ বাৰ ৰাহুলক লক্ষ্য কৰি গুলীয়াবলৈ ধৰে ৷ ফলত অসহায় হৈ পৰি থকা অৱস্থাত ৰাহুলক স্থানীয় ৰাইজে প্ৰতক্ষ্য কৰে ৷ পৰৱৰ্তী সময়ত চিকিৎসাধীন অৱস্থাতে ৰাহুল মৃৃত্যু হয় বুলি জানিব পৰা গৈছে ৷
আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দভত তদন্ত অব্যাহত ৰাখিছে আৰু ঘটনাৰ স্থানৰ পৰা চি চি টি ফুটেজ সংগ্ৰহ কৰিছে বুলি জানিব পৰা গৈছে ৷