নিউজ ডেস্ক, 25 মে':কৰ'ণা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাকলৈ BJP য়ে লেতেৰা ৰাজনীতি কৰে বুলি দেওবাৰে আম আদমী পাৰ্টীয়ে অভিযোগ উত্থাপন কৰিছে । দিল্লী উচ্চ ন্যায়ালয়ত BJP য়ে দেওবাৰে মহামাৰীৰ ফলত মৃত্যু হোৱা লোক সম্পৰ্কে তথ্য লুকুৱাইছে বুলি এক আবেদন কৰে । কিন্তু ন্যায়ালয়ে এই আবেদন খাৰিজ কৰে । ইয়াৰ পিচতেই AAP ৰ নেতা তথা দিল্লী চৰকাৰৰ উপ মুখ্যমন্ত্ৰী মনিষ ছিচদিয়াই BJP য়ে লেতেৰা ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰে ।
তেওঁ কয় যে, দিল্লীৰ জনতাক দিল্লী চৰকাৰে কৰ'ণা ভাইৰাছৰ ক্ষেত্ৰত সম্পূৰ্ণ সঁচা তথ্য প্ৰদান কৰিছে । লগতে, বিৰোধী নেতাৰ লেতেৰা ৰাজনীতি সমাপ্ত কৰাৰ বাবে তেওঁ উচ্চ ন্যায়ালয়ক কৃতজ্ঞতা জ্ঞাপন কৰে । ইপিনে, AAP ৰ মুখপাত্ৰ ৰাঘৱ চন্দ্ৰাই ভাৰতীয় জনতা পাৰ্টীয়ে ক্ষমা খুজিবলৈ দাবী কৰে ।