ETV Bharat / bharat

হিন্দু,মুছলিম সকলোৱে বিচাৰিছে জনসংখ্যা নিয়ন্ত্ৰণ আইনঃ বিজেপি সাংসদ - জনসংখ্যা নিয়ন্ত্ৰণ আইন

শীঘ্ৰে জনসংখ্যা নিয়ন্ত্ৰণ আইন শীঘ্ৰে বলবৎ কৰিবলৈ প্ৰধানমন্ত্ৰীক পত্ৰযোগে আহ্বান জনালে বিজেপি সাংসদ অনিল আগৰৱালে ৷ শীঘ্ৰে এই আইন বলবৎ নকৰিলে দেশে ভয়াৱহ সমস্যাৰ সন্মুখীন হ’ব লাগিব বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷

BJP MP urges Modi to table Population Control Bill in Parliament

author img

By

Published : Aug 10, 2020, 12:43 PM IST

নিউজ ডেস্ক , 10 আগষ্টঃ সদনৰ পৰৱৰ্তী অধিবেশনত জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কখন উত্থাপন কৰিবলৈ প্ৰধানমন্ত্ৰীক অনুৰোধ জনালে বিজেপিৰ সাংসদ অনিল আগৰৱালে ৷ জনসংখ্যা বিষ্ফোৰণৰ বিষয়টো গুৰুত্বসহকাৰে পৰ্যবেক্ষণ কৰা উচিত আৰু জনসংখ্যা নিয়ন্ত্ৰণ হ’লেহে দেশত "আত্মনিৰ্ভৰ ভাৰত অভিযান" সফল হ’ব বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে সাংসদ গৰাকীয়ে ৷ সাংসদ গৰাকীয়ে লগতে উল্লেখ কৰে যে,হিন্দু ,মুছলিম আৰু সকলো ধৰ্মৰ লোকেই এই আইনখন বলবৎ হোৱাটো বিচাৰিছে ৷ বৰ্তমান দেশত যি হাৰত জনসংখ্যা বিষ্ফোৰণ হ’বলৈ আৰম্ভ কৰিছে,এই গতি অব্যাহত থাকিলে খুব কম সময়ৰ ভিতৰতেই ভাৰতে বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ চীনক অতিক্ৰম কৰিব ৷ দেশত ইতিমধ্যে আবাদী ভূমিৰ পৰিমাণ কমি আহিছে,যদিহে এই আইন বলবৎ কৰা নহয়,অতি শীঘ্ৰেই দেশে বহু সমস্যাৰ সন্মুখীন হ’ব বুলি আশংকা প্ৰকাশ কৰে সাংসদ অনিল আগৰৱালে ৷

BJP MP urges Modi to table Population Control Bill in Parliament
জনসংখ্যা নিয়ন্ত্ৰণ হ’লেহে দেশত "আত্মনিৰ্ভৰ ভাৰত অভিযান" সফল হ’ব

প্ৰধানমন্ত্ৰীক সম্বোধন কৰি লিখা পত্ৰখনৰ যোগেদি সাংসদ গৰাকীয়ে লগতে কয় যে,তিনি তালাক আইনেই হওক বা ৰাম মন্দিৰেই হওক বা অনুচ্ছেদ 370 , প্ৰধানমন্ত্ৰী গৰাকীয়ে তেখেতৰ সদায়ে প্ৰতিশ্ৰুতি সমূহ ৰক্ষা কৰি আহিছে ৷ 2019 চনৰ স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে দিয়া জনসংখ্যা নিয়ন্ত্ৰণ আইন বলবৎ কৰাৰ প্ৰতিশ্ৰুতি পালন কৰাৰ সময় আহি পৰিল ৷

উল্লেখ্য যে, 2019 চনৰ জুলাই মাহত,উচ্চ সদনত ৰাজ্যসভাৰ সাংসদ ৰাকেশ সিঙে জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কখন উত্থাপন কৰিছিল ৷ সদনৰ 125 গৰাকী সদস্যই বিধেয়কখনৰ প্ৰতি সমৰ্থন আগবঢ়াই স্বাক্ষৰ প্ৰদান কৰিছিল ৷ সম্প্ৰতি আইনত পৰিণত হ’বলৈ বাকী ৰৈছে বিধেয়কখন ৷

লগতে পঢ়কঃ ৰিপুন বৰাই ভাবিব নালাগে অগপৰ কথা : অতুল বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.