ETV Bharat / bharat

আইজল পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে তৎপৰ হৈছে মিজোৰাম বিজেপি

চমু চাপি আহিছে আইজল পৌৰ নিগমৰ নিৰ্বাচন ৷ পৌৰ নিগমৰ নিৰ্বাচনকলৈ এতিয়া তৎপৰ হৈ পৰিছে মিজোৰাম প্ৰদেশ বিজেপি ৷

BJP Mizoram Pradesh kickoffs their AMC campaign
আইজল পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে তৎপৰ হৈছে মিজোৰাম বিজেপি
author img

By

Published : Jan 25, 2021, 9:12 PM IST

আইজল, 25 জানুৱাৰী : আইজল পৌৰ নিগমৰ আগন্তুক নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে মিজোৰাম প্ৰদেশ বিজেপি ৷ সোমবাৰে ভাৰতীয় জনতা পাৰ্টীয়ে আইজলৰ অটল ভৱনত আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে ৷ তেওঁলোকে আইজল পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে চলোৱা কুচ-কাৱাজৰ অংশ স্বৰূপে সোমবাৰে এই নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে ৷

BJP Mizoram Pradesh kickoffs their AMC campaign
আইজল পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে তৎপৰ হৈছে মিজোৰাম বিজেপি

সোমবাৰৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মিজোৰাম প্ৰদেশ বিজেপিৰ সভাপতিয়ে আগন্তুক নিৰ্বাচনৰ বাবে বিজেপিয়ে ইস্তাহাৰত 8 টাকৈ মূল প্ৰতিশ্ৰুতি সন্নিবিষ্ট কৰা বুলি জানিবলৈ দিয়ে ৷ বিজেপিয়ে ঘোষণা কৰা আঠটা প্ৰতিশ্ৰুতি ক্ৰমে : যিকোনো আবেদন প্ৰক্ৰিয়াৰ সহজীকৰণ কৰা, আইজলৰ মুখ্য স্থান সমূহত এইছ ডি চিচিটিভি কেমেৰা স্থাপন কৰা, ফ্ৰী ৱাই-ফাইৰ ব্যৱস্থা কৰা, চহৰৰ ভিতৰত বিকল্প পথসমূহৰ নিৰ্মাণ কৰা, আইজল চহৰক বিস্তাৰিত কৰণ, আত্মসহায়ক গোট সমূহৰ জৰিয়তে চহৰৰ সামগ্ৰীক উন্নয়ন নিশ্চিত কৰা, মাৰ্কেট কমপ্লেক্সৰ অট্টালিকাসমূহৰ সংখ্য বৃদ্ধি কৰি চহৰৰ মাজৰ পৰা যানজঁটৰ সমস্যা সমাধান কৰা আৰু চহৰৰ বিভিন্ন প্ৰান্তত থকা গেম আৰু স্পৰ্টচ ভিলেজ সমূহৰ উন্নয়ন ৷

লগতে পঢ়ক : যোৰহাটত গঠন হ’ল ৰাইজৰ দলৰ মহিলা কোষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.