ETV Bharat / bharat

বিহাৰ নিৰ্বাচনত জয়ী হ'বলৈ বিজেপি নামিল ভেকচিনৰ ৰাজনীতিত - নিৰ্বাচনী ইস্তাহাৰ

বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই বিজেপি নিয়োজিত হৈছে ভেকচিনৰ ৰাজনীতিত ৷ যিটো সময়ত সমগ্ৰ বিশ্বই কোভিডৰ ভেকচিনৰ বাবে যুঁজি আছে, এনে অৱস্থাত একমাত্ৰ নিৰ্বাচনত জয়লাভৰ বাবে বিজেপিয়ে বিহাৰতে একমাত্ৰ ভেকচিন প্ৰদান কৰিব বুলি ঘোষণা কৰা কাণ্ডই এতিয়া সকলোৰে চকু কপালত তুলিছে ৷ বিজেপিয়ে বিহাৰৰ বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ কৰি এই কথা প্ৰকাশ কৰিছে ৷

বিহাৰ নিৰ্বাচনত জয়ী হ'বলৈ বিজেপি নামিল ভেকচিনৰ ৰাজনীতিত

author img

By

Published : Oct 22, 2020, 12:38 PM IST

নিউজ ডেস্ক, 22 অক্টোবৰ : তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ বাব ভাৰতীয় জনতা পাৰ্টীয়ে আজি দলটোৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে ৷ কিন্তু আশ্বৰ্য্যজনকভাৱে সমগ্ৰ দেশ কোভিড-19ৰ সৈতে যুঁজি থকাৰ সময়তে বিজেপিয়ে একমাত্ৰ ৰাজনীতিৰ স্বাৰ্থত নিয়োজিত হৈ নিকৃষ্ট ৰাজনীতিত জড়িত হোৱাৰ তথ্য স্পষ্টৰূপত দেখিবলৈ পোৱা গৈছে ৷ বিহাৰৰ নিৰ্বাচনত বিজেপি জয়ী হ'লে সৰ্বপ্ৰথমে বিহাৰৰ লোকসকলে কোভিড-19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলি নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছে ৷

ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদৰ দ্বাৰা অনুমোদিত প্ৰতিষেধক পোনপ্ৰথমে বিহাৰৰ লোকসকলক বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব বুলি বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত স্পষ্টৰূপত উল্লেখ আছে ৷

ক্ৰমাগতভাৱে হ্ৰাস পোৱা দেশৰ জনমুৰি আয় উদ্ধাৰ চূড়ান্তৰূপে ব্যৰ্থ হোৱা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অতি নিৰ্লজভাৱে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি এই কথা জনায় ৷ বিত্তমন্ত্ৰীয়ে বিহাৰৰ সৰ্বস্তৰৰ জনতাক প্ৰথমে কোভিডৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলি কয় ৷

বিহাৰৰ নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যখনত বহুটো ৰাজনৈতিক উত্থান-পতন দেখিবলৈ পোৱা গৈছে ৷ বিজেপিৰ বাবে মুৰৰ কামোৰণি হৈ পৰা এই সকলোবোৰ দিশ এৰাই চলিবলৈ তথা ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ বিহাৰ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি এইদৰে নিকৃষ্ট আৰু লজ্জাজনক ৰাজনীতিত জড়িত হৈছে বিজেপি ৷

আজি প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰৰ এই কাৰ্যসূচীত জ্যেষ্ঠ বিজেপি নেতা ভূপেন্দ্ৰ যাদৱ, নিত্যানন্দ ৰায়, অশ্বিনী চৌৱে আৰু প্ৰমোদ কুমাৰো উপস্থিত থাকে ৷ বিহাৰত বিজেপিয়ে জনতা দল (ইউনাটেড)ৰ সৈতে একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ৷ বিজেপিয়ে 121খন আসনত প্ৰাৰ্থী দিয়াৰ বিপৰীতে জনতা দলে 122খন আসনত প্ৰাৰ্থী প্ৰদান কৰিছে ৷

লগতে পঢ়ক : সীমা বিবাদ : মিজোৰামৰ বিজেপি ৰাজ্যিক সভাপতিৰ বিতৰ্কিত মন্তব্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.