নিউজ ডেস্ক, 12 আগষ্ট : মুখ্যমন্ত্ৰী এন বীৰেন সিঙে বিজেপি-নেতৃত্বাধীন তেওঁৰ মিত্ৰজোঁটৰ চৰকাৰখন ৰক্ষা কৰিবলৈ সক্ষম হৈছে ৷ সোমবাৰে অনুষ্ঠিত হোৱা আস্থা ভোটত জয়লাভ কৰি তেওঁৰ চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱক খণ্ডন কৰিবলৈ সক্ষম হৈছে ৷
মণিপুৰ ৰাজ্যিক কংগ্ৰেছে 60 সদস্যযুক্ত মণিপুৰ বিধানসভাত ড্ৰাগছৰ সৈতে জড়িত এক গোচৰ চিবিআইক হস্তান্তৰ কৰিবলৈ দাবী তুলি চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল ৷ অৱশ্যে বিধানসভাৰ অধ্যক্ষ য়ুমনাম খেমছান্দে বিগত শুকুৰবাৰে কংগ্ৰেছৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰি মুখ্যমন্ত্ৰী বীৰেন সিঙে আস্থা ভোট অনুষ্ঠিত কৰাৰ বাবে দাখিল কৰা আবেদন গ্ৰহণ কৰিছিল ৷
60 সদস্যযুক্ত মণিপুৰ বিধানসভাত বৰ্তমানে 53গৰাকী বিধায়ক আছে ৷ ইয়াৰ ভিতৰত চাৰিগৰাকী বিধায়কক দল বদলি আইনৰ অধীনত বৰ্খাস্ত কৰা হৈছিল আৰু তিনিগৰাকী বিধায়কে পদত্যাগ কৰিছিল ৷ বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁটত নেশ্বনেল পিপুলছ পাৰ্টী,নাগা পিপুলছ ফ্ৰন্ট,টিএমছি আৰু এগৰাকী নিৰ্দলীয় বিধায়কসহ মুঠ 29গৰাকী বিধায়ক আছে ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ আৰু তেওঁলোকৰ সমৰ্থনত 24গৰাকী বিধায়ক আছে ৷
অৱশ্যে খবৰ অনুসৰি, কংগ্ৰেছৰ 8গৰাকী বিধায়ক আস্থা ভোটত উপস্থিত নাছিল আৰু ইয়ে বীৰেন সিঙক নিজৰ চৰকাৰ ৰক্ষা কৰাত সহায় কৰে ৷ সোমবাৰে অনুষ্ঠিত হোৱা আস্থা ভোটে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ বিশ্বাস জয় কৰাত এন বীৰেন সিঙক বহুখিনি সহায় কৰে ৷
জুন মাহত তিনিগৰাকী বিজেপি বিধায়কে দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ লগতে এনপিপিয়ে চৰকাৰৰ পৰা সমৰ্থন উঠাই লোৱাৰ প্ৰস্তাৱেৰে দি বীৰেন সিঙৰ চৰকাৰ ভংগ কৰাৰ ভাবুকি প্ৰদান কৰে ৷ এই সমস্যাৰ পৰা মণিপুৰ চৰকাৰক ৰক্ষা কৰে উত্তৰ-পূবত বিজেপিৰ মূল-হোতাস্বৰূপ তথা নেডাৰ সমন্বয়ক হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা এনপিপি প্ৰধান কনৰাড চাংমাই ৷
জুলাই মাহত কংগ্ৰেছে ইয়াৰ দুগৰাকী বিধায়ক; আৰকে ইমো আৰু অকৰাম হেনৰীক ৰাজ্যসভাত বিজেপি প্ৰাৰ্থী লেইচেমবা চানাজাওবাক ভোট দিয়াৰ বাবে শ্বকজ আবেদন দাখিল কৰে ৷ ইয়াৰে ইমো হৈছে মণিপুৰৰ প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী আৰ কে জয়চন্দ্ৰ সিঙৰ পুত্ৰ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী বীৰেন সিঙৰ জোৱাই ৷ হেনৰী হৈছে প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী আৰু চিএলপি নেতা অকৰাম ইবোবি সিঙৰ ভতিজা ৷ তথ্য অনুসৰি,ইমো আৰু ইবোবিৰ সম্পৰ্কৰ মাজত ফাঁট মেলিছে ৷ ইমোই কংগ্ৰেছ বিধায়ক হোৱাৰ লগতে বিজেপি মুখ্যমন্ত্ৰীৰ জোৱাইয়ো ৷
বিপৰীতে,মুখ্যমন্ত্ৰী বীৰেন সিঙেও তেওঁৰ দলৰ মাজৰ পৰাই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ থ' বিশ্বজিৎ সিঙৰ পৰা ৷ বিগত বৰ্ষত বীৰেন সিঙক মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰোৱাৰ চেষ্টা চলিছিল যদিও কেন্দ্ৰীয় নেতৃত্বৰ প্ৰচেষ্টাক নিৰ্মূল কৰা হৈছিল ৷
আৰক্ষী বিষয়া থ' ব্ৰিন্দাই মণিপুৰ উচ্চ ন্যায়ালয়ত ড্ৰাগছজনিত এক গোচৰত জুলাই মাহত এখন এফিডেভিট দাখিল কৰাৰ পিচতেই কংগ্ৰেছে চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ সিদ্ধান্ত লৈছিল ৷ এই গোচৰত চান্দেল স্বায়ত্বশাসিত জিলা পৰিষদৰ প্ৰাক্তন চেয়াৰমেন হুকোচেই জুৰ নাম সাঙোৰ খাই পৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁ বিজেপি ৰাজ্যখনত ক্ষমতালৈ অহাত দলত যোগদান কৰিছিল ৷ বৰ্তমানে ৰাজ্যখনৰ এনএবি (Narcotics and Affairs of Border) বিভাগৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক,ব্ৰিন্দাই 2018ত জুৰ চৰকাৰী বাসভৱনৰ পৰা ড্ৰাগছৰ লগতে বহুটো পুৰনি নোট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷ অৱশ্যে তেওঁৰ এফিডেভিটত ব্ৰিন্দাই মুখ্যমন্ত্ৰী বীৰেন সিঙে চাৰ্জশ্বীটত তেওঁক জুৰ নাম প্ৰত্যাহাৰ কৰাৰ বাবে হেঁচা প্ৰদান কৰা বুলি উল্লেখ কৰিছিল আৰু বীৰেন সিঙে এই অভিযোগ অস্বীকাৰ কৰিছিল ৷
ড্ৰাগছজনিত ঘটনাটোৰ পিচৰ পৰাই কংগ্ৰেছে এই গোচৰটো চিবিআইলৈ হস্তান্তৰ কৰাৰ দাবী উত্থাপন কৰি আহিছে ৷ ব্ৰিন্দাই এফিডেভিট দাখিল কৰাৰ পিচতে কংগ্ৰেছে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ সিদ্ধান্ত লৈ ৰাজনীতিত এখোজ আগবাঢ়ি আছে ৷ এতিয়া সোমবাৰৰ আস্থা ভোটৰ পিচতেই মুখ্যমন্ত্ৰী বীৰেন সিং এতিয়াও মণিপুৰৰ ৰাজনীতিত তিষ্ঠি আছে বুলি প্ৰমাণিত কৰি তোলে ৷
প্ৰৱন্ধটো লিখিছে জ্যেষ্ঠ সাংবাদিক অৰুণিম ভূঞাই ৷