নেশ্যনেল ডেস্ক, 5 অক্টোবৰঃ দেওবাৰে বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটীয়ে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে বিচাৰ-পৰামৰ্শ কৰাৰ উপৰিও দলৰ প্ৰাৰ্থী চূড়ান্ত কৰাৰ বাবে এক বৈঠকত মিলিত হয় ৷ ৰাজ্যখনত শাসকীয় এন.ডি.এ চৰকাৰখনৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাচোৱানৰ লোক জনশক্তি পাৰ্টীয়ে মিত্ৰতা ভংগ কৰাৰ পিছতেই এন.ডি.এৰ ওপৰত এক মোক্ষম আঘাত লাগে ৷
![BJP CEC meets to finalise candidates for Bihar polls](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9051603_1.jpg)
দেওবাৰৰ এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি নাড্ডাৰ উপৰিও কেইবাগৰাকীয়ো শীৰ্ষ নেতাই অংশগ্ৰহণ কৰে ৷ ইয়াৰ পূৰ্বেও গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতি জে.পি নাড্ডাই এই বৈঠকত মিলিত হৈছিল ৷ এই বৈঠকতে গেৰুৱা দলটোৱে ৰাজ্যখনৰ তিনিদফীয়া নিৰ্বাচনত জে.ডি.ইউৰ সভাপতি আৰু মুখ্যমন্ত্ৰী নিতীশ কুমাৰক মিত্ৰজোঁটৰ নেতৃত্ব প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷
বিজেপিয়ে প্ৰসংশা কৰাৰ সমান্তৰালকৈ লোক জনশক্তি পাৰ্টীয়ে নিতীশ কুমাৰৰ নেতৃত্বত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ অমান্তি হয় ৷ 28 অক্টোবৰ, 3 নবেম্বৰ আৰু 7 নবেম্বৰত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিহাৰ বিধানসভা নিৰ্বাচন ৷ আৰু 10 নবেম্বৰত ভোট গণনা কৰা হ’ব ৷ আনহাতে, মুঠ 243 খন আসনৰ 71 খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ মনোনয়ন প্ৰক্ৰিয়া 8 অক্টোবৰত আৰম্ভ হ’ব ৷
![BJP CEC meets to finalise candidates for Bihar polls](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9051603_2.jpg)
পূৰ্বে, লোক জনশক্তি পাৰ্টীয়ে বিহাৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী নিতীশ কুমাৰৰ তত্বাৱধানত প্ৰতিদ্বন্দিতা আগবঢ়াই স্বতন্ত্ৰভাৱে প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ লোক জনশক্তি পাৰ্টীয়ে নিজৰ সমৰ্থন উঠাই লোৱাৰ পিছতেই জে.ডি(ইউ) (যতীন ৰাম মাঝীৰ হিন্দুস্তানী আৱাম মৰ্চা)ই 122 খন আসনৰ বাবে আৰু বিজেপি (বিকশীল ইনছান পাৰ্টীয়ে যদি মিত্ৰতা আগবঢ়ায়) 121 খন আসনৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াব ৷
লগতে পঢ়ক-ভাৰত-ম্যানমাৰৰ আলোচনাৰ মাজতেই বৃদ্ধি বিদ্ৰোহী সংগঠনৰ কাৰ্যকলাপ