ETV Bharat / bharat

বিন্নী আৰু নাই ! - etv bharat

ওড়িশাৰ নন্দকানন চিৰিয়াখানাত মৃত্যু হোৱা গৰিলাটোৰ  শুকুৰবাৰে সম্পন্ন কৰা হ'ব মৰণোত্তৰ পৰীক্ষা ।

ভাৰতৰ একমাত্ৰ 'বিন্নী' আৰু নাই!
author img

By

Published : May 30, 2019, 12:06 PM IST

ওড়িশা, ৩০ মে': ওড়িশাৰ নন্দকাননত শেষ নিশ্বাস ত্যাগ কৰিলে বিন্নীয়ে ৷ বুধবাৰে নিশা ৯.৩০ বজাত ওড়িশাত মৃত্যু হয় বিন্নীৰ ৷ বিন্নী হৈছে ভাৰতৰ একমাত্ৰ গৰিলা ৷ ওড়িশাৰ নন্দকানন চিৰিয়াখানাত মৃত্যু হোৱা গৰিলাটোৰ শুকুৰবাৰে সম্পন্ন কৰা হ'ব মৰণোত্তৰ পৰীক্ষা ।

মৃত্যুৰ সময়ত স্ত্ৰীলিংগ গৰিলাটোৰ বয়স আছিল ৪১ । দীৰ্ঘদিন ধৰি কাহ আৰু স্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে মৃত্যু হয় গৰিলাটোৰ । বিগত এবছৰ ধৰি পশু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল গৰিলাটো ।

উল্লেখ্য যে, বিগত ২০০৩ বৰ্ষৰ নৱেম্বৰত ২৫ বছৰ বয়সত গৰিলাটোক পুনেস্থিত ৰাজীৱ গান্ধী চিৰিয়াখানাৰ পৰা নন্দকানন চিৰিয়াখানালৈ লৈ যোৱা হৈছিল ।

পৃথিৱীৰ পৰা লাহে লাহে বিলুপ্ত হব ধৰিছে গৰিলা । এতিয়া কেৱল বৰ্ণেও আৰু সুমাত্ৰা বৰষাৰণ্যত হে দেখা পোৱা যায় এই প্ৰজাতিৰ গৰিলাসমূহ । বিশেষজ্ঞৰ মতে, ৪৫ বছৰ বয়সলৈকেহে জীয়াই থাকে এইসকল বুধিয়ক প্ৰজাতিৰ গৰিলাসমূহ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.