ETV Bharat / bharat

HIV আৰু COVID-19ৰে যুঁজত সেৱা আগবঢ়োৱা ভাৰতীয় মূলৰ দম্পতীক উৎসাহিত কৰিলে বিল গেটছে - COVID-19 সন্দৰ্ভত

ভাৰতীয় মূলৰ দক্ষিণ আফ্ৰিকাৰ দম্পত্তিৰ প্ৰশংসাত পঞ্চমুখ মাইক্ৰ'ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছ । মাইক্ৰ'ছফ্টৰ প্ৰতিষ্ঠাপকগৰাকীয়ে তেওঁৰ নায়কৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে ভাৰতীয় মূল দক্ষিণ আফ্ৰিকাৰ অধ্যাপক ছেলিম আব্দুল আৰু তেওঁৰ পত্নী কুৱেৰেশ্বাৰ নাম । HIV আৰু COVID-19ৰে যুঁজত আগবঢ়োৱা সেৱাৰ বাবে দুয়োৰে শলাগ ল'লে বিল গেটছে । তেওঁ কয় যে, এয়া তেওঁলোকৰ অদম্য সাহস যে, তেওঁলোকে HIV আৰু COVID-19ৰে যুঁজিবলৈও কুণ্ঠাবোধ কৰা নাই ।

HIV আৰু COVID-19ৰে যুঁজত সেৱা আগবঢ়োৱা ভাৰতীয় মূলৰ দম্পতীৰ উত্সাহিত কৰিলে বিল গেটছে

author img

By

Published : Dec 5, 2020, 3:14 PM IST

নেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ: মাইক্ৰ'ছফ্টৰ প্ৰতিষ্ঠাপক মানৱদৰদী বিল গেটছে HIV আৰু COVID-19ৰে যুঁজত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতীয় মূলৰ দক্ষিণ আফ্ৰিকাৰ অধ্যাপক ছেলিম আব্দুল আৰু তেওঁৰ পত্নী কুৱেৰেশ্বাৰ শলাগ লৈছে । বিজ্ঞানী দম্পত্তিয়ে দক্ষিণ আফ্ৰিকাত স্থানীয়, ৰাষ্ট্ৰীয়ভাৱে আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে যুৱতীসকলৰ মাজত HIV সংক্ৰমণ ৰোধৰ বাবে কাম কৰি আহিছে । কৱাঝুলু-নাটাল বিশ্ববিদ্যালয়ত থকা এইডছ প্ৰগ্ৰেম অৱ ৰিচাৰ্চ ইন ছাইথ আফ্ৰিকাৰ জৰিয়তে এই সেৱা আগবঢ়াই আহিছে । বিল গেটছে কয় যে, তেওঁৰ ফাউণ্ডেছনে কৰা COVID-19ৰ সংক্ৰমণৰ এক পৰীক্ষাত এই দম্পত্তি জড়িত হৈ আছিল ।

COVID-19 সন্দৰ্ভত দক্ষিণ আফ্ৰিকাৰ চৰকাৰে গঠন কৰে পৰমৰ্শদাতাৰ দলক নেতৃত্ব দিছিল অধ্যাপক ছেলিম আব্দুলে । তেওঁ গেটছ ফাউণ্ডেছন বৈজ্ঞানিক পৰামৰ্শদাতাৰ বৰ্ডত ১০ বছৰ ধৰি কাম কৰিছিল । ছেলিম HIV বিষয়ক বিশ্ব স্বাস্থ্য সংস্থাৰ বৈজ্ঞানিক পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষ । গেটছে কয় যে, HIV আৰু যক্ষ্মাৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে এইবাৰ তেওঁলোকক দক্ষিণ আফ্ৰিকা আৰু সমগ্ৰ বিশ্বতে COVID-19ৰ সংক্ৰমণ ৰোধৰ বিষয়ত মাৰ্গদৰ্শন কৰিছে । মাইক্ৰ'ছফ্টৰ প্ৰতিষ্ঠাপকগৰাকীয়ে কয় যে, কেপ্ৰিছাৰ আদৰ্শই তেওঁক আকৰ্ষিত কৰিছে ।

কেপ্ৰিছাৰ মূলমন্ত্ৰ হৈছে, 'প্ৰতি দিনে আপুনি যি কাম কৰিবলৈ আহে, আপুনি এইটোত গুৰুত্ব দিয়া উচিত যে, আজিৰ দিনটো কালিৰ তুলনাত কেনেকৈ বেছি ভাল হ'ব পাৰে ।' ছেলিমে কৈছিল যে, 'বিশ্বত প্ৰতি ৫ জন লোকৰ ভিতৰত এজন HIVৰ দ্বাৰা সংক্ৰমিত হয় আৰু এই পৰিসংখ্যাই HIVৰ বিৰুদ্ধে যুঁজ দিয়া স্বামী-স্ত্ৰীক উত্সাহিত কৰিছিল । শীঘ্ৰে আমি দুয়োজনে বুজি উঠিছিলো যে, HIVৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কাম কৰিবলৈ সক্ষম । আমি এতিয়া ব্যাপক ভাৱে প্ৰতিষেধক তৈয়াৰ কৰিছো ।

কম বয়সীয়া মহিলাসকলৰ দেহত এই প্ৰতিষেধকেৰে পৰীক্ষা কৰা হ'ব আৰু আমি পৰ্যবেক্ষণ কৰিম ই সুৰক্ষিত হয় নে নহয় আৰু ই HIVৰ প্ৰতিষেধক হিচাপে কাম কৰিবনে নাই । যদি এয়া সম্ভৱ হৈ উঠে তেন্তে ই দক্ষিণ আফ্ৰিকাত HIVৰ পাঠক্ৰম সলনি কৰি দিব । আনহাতে কুৱেৰেশ্বাই কয় যে, তেওঁ শিকিছে যে, মহামাৰী বিজ্ঞানো এক বিজ্ঞানেই । পুৰুষৰ তুলনাত মহিলা ৪ গুণ বেছিকৈ মহামাৰীত আক্ৰান্ত হয় । বিজ্ঞানী হিচাপে ইয়াৰ প্ৰতিকাৰ বিচাৰি উলিওৱাতো আমাৰ দায়িত্ব ।

লগতে পঢ়ক:জম্মু-কাশ্মীৰত DDC নিৰ্বাচনৰ প্ৰাৰ্থীলৈ দুৰ্বৃত্তৰ গুলীচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.