ETV Bharat / bharat

বিহাৰৰ নিৰ্বাচনী প্ৰচাৰত অধিক জোৰ প্ৰদান মোডী-ৰাহুলৰ

বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কংগ্ৰেছ নেতাই শুকুৰবাৰে তেওঁলোকৰ আগন্তুক কাৰ্যসূচীত জোৰ প্ৰদান কৰে ৷

author img

By

Published : Oct 23, 2020, 10:41 AM IST

মোডী-ৰাহুল
মোডী-ৰাহুল

নেশ্যনেল ডেস্ক, 23 অক্টোবৰ: বিহাৰত পুৰ্ণদ্যমে চলিছে নিৰ্বাচনী প্ৰচাৰ ৷ বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কংগ্ৰেছ নেতাই শুকুৰবাৰে তেওঁলোকৰ আগন্তুক কাৰ্যসূচীত জোৰ প্ৰদান কৰে ৷

প্ৰধানমন্ত্ৰী মোডীয়ে শুকুৰবাৰে ৰোহতাস জিলাৰ দেহৰীৰ এটা সমদল সম্বোধন কৰি তেওঁ প্ৰচাৰ আৰম্ভ কৰিব ৷ ইয়াৰ পাচতে গয়াৰ ঐতিহাসিৰ গান্ধী ময়দানত দ্বিতীয় আৰু ভাগলপুৰত তৃতীয়টো অনুষ্ঠানত অংশগ্ৰহণ কৰিব তেওঁ ৷

বিজেপি দলে উল্লেখ কৰা অনুসৰি, প্ৰধানমন্ত্ৰীয়ে বিহাৰত 12 টা নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব ৷ বিজেপিৰ এগৰাকী নেতাই কয়, বিহাৰৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰেও প্ৰধানমন্ত্ৰীৰ সৈতে কেইবাটাও নিৰ্বাচনী বৈঠকত অংশ গ্ৰহণ কৰিব ৷

কংগ্ৰেছ দলৰ হৈ ৰাহুল গান্ধীয়ে শুকুৰবাৰে দুটাকৈ নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰিব ৷ কংগ্ৰেছৰ বিধান পৰিষদীয় সদস্য প্ৰেম চান্দ মিশ্ৰাই জনোৱা মতে, ৰাহুল গান্ধীয়ে নাৱাড়াৰ হিচুৱাত তেওঁৰ প্ৰথমটো অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷ আনহাতে কহলগাঁৱত তেওঁ অংশ ল'ব তেওঁৰ দ্বিতীয়খন নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত ৷ হিচুৱাত অনুষ্ঠিত প্ৰচাৰ অনুষ্ঠানত ৰাহুল গান্ধীক সহযোগ কৰিব আৰ.জে.ডিৰ তেজস্বী যাদৱে ৷

লগতে পঢ়ক: বিহাৰ নিৰ্বাচনৰ বাবে শুকুৰবাৰৰ পৰা প্ৰচাৰ অভিযানত নামিব ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.