নিউজ ডেস্ক, ১০ জুন : লক ডাউনৰ সময়ত বলীউদ তাৰকা অমিতাভ বচ্চনৰ মহানুভৱতা । উত্তৰ প্ৰদেশত আবদ্ধ হৈ থকা প্ৰায় ৭০০ প্ৰৱাসী লোকক বিশেষ বিমানৰ জৰিয়তে ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা অভিনেতা গৰাকীৰ ।
অভিনেতা গৰাকীৰ শুভকাংক্ষীয়ে জনোৱা অনুসৰি,প্ৰবাসী লোকসকলৰ বাবে তেওঁ ৰে'লৰ টিকট বুকিং কৰিবলৈ চেষ্টা চলাইছিল কিন্তু বিশেষ অসুবিধাৰ বাবে সম্ভৱ নহ'ল ।
![big-b-funds-four-flights-to-send-700-up-migrant-workers-home](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08:01_7558941_826_7558941_1591788236883.png)
বুধবাৰে অভিনেতা গৰাকীৰ প্ৰচেষ্টাত এলাহাবাদৰ পৰা গোৰখপুৰ আৰু বাৰাণসী বাবে বিমানৰ আয়োজন কৰে য'ত একেখন বিমানত ১৮০ গৰাকী যাত্ৰী আছিল । বৃহস্পতিবাৰে আৰু দুখন বিমানৰ যোগেদি প্ৰবাসী লোকসকলক নিজ গৃহলৈ প্ৰেৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বেও অভিনেতা গৰাকীয়ে ১০ খন বাছৰ জৰিয়তে বিভিন্ন অঞ্চলৰ প্ৰবাসী লোকসকলক নিজ অঞ্চললৈ প্ৰেৰণ কৰিছিল ।
লগতে পঢ়ক : শ্বাৰ্জিল ইমাম গোচৰৰ তদন্তৰ সময়সীমা বৃদ্ধি