নিউজ ডেস্ক, ৩১ মাৰ্চঃ মুম্বাইৰ নিয়াৰ বিশেষ আদালতে জামিন নাকচ কৰিলে ভীমা কৰেগাঁও ঘটনাৰ দুই অভিযুক্তৰ । মঙলবাৰে আদালতে ভাৰাভাৰা ৰাও আৰু শ্বোমা সেনৰ জামিন আবেদন নাকচ কৰে । নভেল কৰ'ণা ভাইৰাছৰ বাবেই জামিন বিচাৰি আবেদন কৰিছিল দুই অভিযুক্তই ।
ৰাওক ২০১৮ বৰ্ষৰ নৱেম্বৰ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল । আনহাতে শ্বোমা সেনক সেই বৰ্ষৰে জুন মাহত গ্ৰেপ্তাৰ কৰা হৈছিল আন পাঁচ সতীৰ্থৰ সৈতে । মাওবাদীৰ সৈতে মিলিত হৈ হিংসাত্মক ঘটনা সংঘটিত কৰাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ।
২০১৮ বৰ্ষৰ ১ জানুৱাৰীত ভীমা কৰেগাঁওত এক হিংসাত্মক ঘটনা সংঘটিত হৈছিল । য'ত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১০ জন পুলিছ কৰ্মী সহ বহু লোক আঘাতপ্ৰাপ্ত হৈছিল ।
কোনো লোকৰ দ্বাৰা হিংসা সংঘটিত কৰা পাচতেই গেৰুৱা ৰঙৰ পতাকা উত্তোলনৰ লগতে ভীমা-কৰেগাঁও যুদ্ধৰ ২০০ বৰ্ষ সম্পূৰ্ণ হোৱাৰ দিনা গাঁৱলৈ যোৱা বাহনৰ ওপৰত শিল নিক্ষেপ কৰা হৈছিল । পুলিছে এই ঘটনাত ১৬২ জনৰ বিৰুদ্ধে ৫৮ টা গোচৰ ৰুজু কৰে ।