ETV Bharat / bharat

শ্ৰীমদ্ভাগৱত গীতাৰ উৰ্দু তৰ্জমা তেলেংগানাৰ মুছলিম কন্যাৰ

author img

By

Published : Aug 14, 2019, 5:09 PM IST

তেলেংগানাৰ এগৰাকী মুছলিম কন্যাই সম্পন্ন কৰিলে শ্ৰীমদ্ভাগৱত গীতাৰ উৰ্দু তৰ্জমা ৷ দীৰ্ঘদিন ধৰি যুৱতীগৰাকীয়ে হিন্দু ধৰ্মৰ পৱিত্ৰ ধৰ্ম গ্ৰন্থ শ্ৰীমদ্ভাগৱত গীতাৰ লগতে অন্যান্য ধৰ্মৰ ওপৰত বিস্তৃত অধ্যয়ন চলাই আহিছে ৷

শ্ৰীমদ্ভাগৱত গীতাৰ উৰ্দু তৰ্জমা তেলেংগানাৰ মুছলিম কন্যাৰ

নেচনেল ডেস্ক, 14 আগষ্টঃ তেলেংগানাৰ নিজামাবাদ জিলাৰ ৰাকাচিপেতৰ বধানত বাস কৰা এগৰাকী মুছলিম কন্যাৰ কৃত্তিত্বই সকলোকে বিস্মিত আৰু কৌতুহলী কৰি তুলিছে ৷ অঞ্চলটোৰ এটি ধাৰ্মিক মুছলিম পৰিয়ালত ডাঙৰ-দীঘল হোৱা যুৱতীগৰাকীয়ে শেহতীয়াকৈ শ্ৰীমদ্ভাগৱত গীতাৰ উৰ্দু তৰ্জমা সম্পন্ন কৰি তুলিছে ৷ হীবা ফাতিমা নামৰ যুৱতীগৰাকীয়ে বৰ্তমান এগৰাকী বি.এড পাঠ্যক্ৰমৰ ছাত্ৰী হিচাপে অধ্যয়ন অব্যাহত ৰাখিছে ৷ হিন্দু ধৰ্মৰ শ্ৰীমদ্ভাগৱত গীতাৰ লগতে আন বহুতো ধৰ্মৰ ধৰ্মগ্ৰন্থ তথা মূল আদৰ্শক বিস্তৃতভাৱে অধ্যয়ন কৰি যুৱতীগৰাকীয়ে সম্পন্ন কৰি তুলিছে শ্ৰীমদ্ভাগৱত গীতাৰ উৰ্দু তৰ্জমা ৷ ফাতিমাৰ দেউতাক আহমদ খান ৰাজ্যখনৰ এগৰাকী সম্ভ্ৰান্ত ব্যৱসায়ী ৷ ফাতিমাই উল্লেখ কৰা অনুসৰি শৈশৱ সময়ৰে পৰাই দেউতাকে তাইক সকলো ধৰ্মই সমান আৰু মানৱতা সকলো ধৰ্মৰেই নিহিত দৰ্শন এই কথাষাৰ সদায়েই স্মৰণ কৰোৱাইছিল ৷ দেউতাকে আনকি ফাতিমাক বিভিন্ন ধৰ্মৰ পৱিত্ৰ ধৰ্মগ্ৰন্থসমূহ অধ্যয়ন কৰিবলৈ অনুপ্ৰেৰণাও যোগাইছিল ৷ যুৱতীগৰাকীয়ে লগতে জনাই যে একমাত্ৰ দেউতাকৰ অনুপ্ৰেৰণাৰ বাবেই তাই বিভিন্ন ধৰ্মৰ নিহিত ভাৱধাৰাক হৃদয়ংগম কৰাত সাফল্য লাভ কৰিছে ৷ উৰ্দু মাধ্যমত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা ফাতিমাই ভাষাৰ বান্ধোন ভাঙি শ্ৰীমদ্ভাগৱত গীতাৰ মহৎ বাণী সমাজৰ সকলো পৰ্যায়ৰ লোকৰ মাজলৈ বিশেষকৈ যুৱ প্ৰজন্মক আধ্যাত্মিকতাৰ সম্পৰ্কত সংবেদনশীল কৰোৱাৰ উদ্দেশ্য আগত ৰাখি প্ৰথমে ইংৰাজী,হিন্দী আৰু তেলেগু ভাষাত আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত উৰ্দুলৈ শ্ৰীমদ্ভাগৱত গীতাৰ তৰ্জমা সম্ভৱ কৰি তুলিলে তেলেংগানাৰ যুৱতী ফাতিমাই ৷ কেৱল মাত্ৰ 3 মাহৰ ভিতৰতেই ফাতিমাই 700 শ্লোক আৰু 18 টাকৈ অধ্যায়ৰ ভাঙনি সম্পন্ন কৰে ৷ সমগ্ৰ ভাঙনিৰ প্ৰক্ৰিয়াত সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি ফাতিমাই কয় যে গীতাৰ সংস্কৃতত লিপিবদ্ধ শ্লোকসমূহৰ মৰ্মাৰ্থ বুজি তাক উৰ্দুলৈ ভাঙনি কৰাৰ সময়ত শব্দৰ গাঁথনি আৰু বাক্য সংৰচনাৰ ওপৰত গুৰুত্ব দিয়াটো অতি জৰুৰী বুলি অভিহিত কৰে যুৱতীগৰাকীয়ে ৷ কোৰান আৰু গীতাৰ বাণীসমূহক ৰাইজৰ মাজলৈ আৰু অধিক গঠনমূলক হিচাপে আগবঢ়াই নিয়াৰ উদ্দেশ্য যুৱতীগৰাকীয়ে “Message for All” নামৰ এটি ইউ টিউব চেনেলৰো জন্ম দিছে ৷ বৰ্তমানলৈ 80 টাকৈ ভিডিঅ সম্বলিত চেনেলটোৱে ইউ টিউবৰ উপভোক্তাৰ মাজত ব্যাপক সমাদৰ লাভ কৰিছে ৷ ফাতিমাৰ মতে যেতিয়াই তাই শ্লোকসমূহৰ অধ্যয়ন কৰি থাকে তেতিয়া সেই শ্লোকসমূহৰ বহুতো ভাৱাৰ্থ কোৰানৰ আয়াতৰ সৈতে থকা সাদৃশ্যতাৰ অনুভৱ কৰে ৷ এনেধৰণৰ সাদৃশ্যতাৰ ওপৰত ভিত্তি কৰি তাক অধিক ব্যাখ্যা কৰাৰ লক্ষ্যৰে যুৱতীগৰাকীয়ে “Similarities between Bhagavad Gita and Quran” শীৰ্ষক এখনি গ্ৰন্থ প্ৰণয়নৰ কাম ইতিমধ্যেই আৰম্ভ কৰিছে ৷ হীবাৰ স্পষ্ট মত "সকলো ধৰ্ম গ্ৰন্থই মানৱ জাতিক কেনেকৈ জীয়াই থাকিব লাগে সেই সম্পৰ্কে মাৰ্গদৰ্শন কৰে ৷ লগতে হীবাই কয় যে মানৱতাক সকলোতকৈ মুখ্য ধৰ্ম হিচাপে প্ৰতিষ্ঠিত কৰাত তাইৰ ফালৰ পৰা কৰণীয় সকলোখিনি কৰি যাব বুলিও মন্তব্য কৰে ৷ যুৱতীগৰাকীৰ এই আদৰ্শ নিশ্চিতভাৱে ৰাম-ৰহিমৰ দেশ ভাৰতৰ বাবে অত্যন্ত শুভ বাৰ্তা কঢ়িয়াই আনিছে ৷

Intro:Body:

She comes from an orthodox Muslim family. Currently she is pursuing B.Ed

programme. She has done in-depth study on Bhagavad Gita, the most sacred

book of the Hindus with a longing to know about other religions and translated

the Gita into Urdu. Hiba Fatima, hailing from Rakasipet, Bodhan of Nizamabad

district, is in the process of writing a book too. Her father Ahmed Khan is a petty

businessman and used to tell her right from her childhood that all religions are

equal and humanity is their underlying philosophy. He used to ask her to study

the holy books of all religions. Thus, she started to get to know the essence of

other religions. She used to watch YouTube videos to know about the holy book

of the Hindus, Bhagavad Gita. She observed different interpretations by different

people, which confused her. She resolved to find a solution to this and decided to

translate it after making an in-depth study. She studied through Urdu medium up

to intermediate and through English medium thereon. In order to undertake a full-

fledged study of the Gita, she procured their English, Hindi and Telugu versions.

After going through them, she commenced the translation into Urdu, in a way that

is easily understood by the youth of her age group. In 3 months, she translated

700 slokas and 18 Adhyayas (Chapters) of the Gita. While translating Slokas into

Urdu, she encountered several problems; struggled to find equivalent meaning to

certain words. Also found it to arrange them in a proper sequence. She used to

translate each Sloka and rewrite them several times to express the essence

properly. In order to explain the essence of both the holy books, she has been

running a YouTube channel, “Message for All”. So far, she has posted 80 videos

in it.

While she was studying the Slokas, she realized that in many contexts their

meaning is similar to the āyāts in Quran. She thus, has identified, so far such 500

Slokas and āyāts. Elaborating on such similarities between the two holy books,

she has begun writing a book entitled “Similarities between Bhagavad Gita and

Quran.” Hiba says, “All holy books teach us as how men should live. I have

translated the Gita keeping the youth of my age group. I wish to take up

programmes which preach that humanism is the prime religion.”

Byte 1: Hiba Fatima

Byte 2: Ahmed Khan, father of Hiba

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.