ETV Bharat / bharat

বাংগালোৰ সংঘৰ্ষঃ ডিজে হল্লী আৰু কেজি হল্লী অঞ্চলত 15 আগষ্ট পৰ্যন্ত বৃদ্ধি 144 ধাৰা - শ্ৰীনিবাসমুৰ্তি

ডিজে হল্লী আৰু কেজি হল্লী আৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত অঞ্চললৈকে চি আৰ পি চিৰ ধাৰা 144 বলবৎ থকাৰ সময়সীমা 15 আগষ্টৰ পুৱা 6 বজালৈকে বৃদ্ধি কৰা হৈছে ৷ বাংগালোৰৰ আৰক্ষী আয়ুক্ত কমল পন্থে বুধবাৰে এই কথা সদৰি কৰে ৷

Bengaluru violence: Sec 144 extended in DJ Halli, KG Halli areas till Aug 15
বাংগালোৰ সংঘৰ্ষঃ ডিজে হল্লী আৰু কেজি হল্লী অঞ্চলত 15 আগষ্টলৈকে বৃদ্ধি 144 ধাৰা
author img

By

Published : Aug 13, 2020, 3:02 PM IST

নিউজ ডেস্ক, 13 আগষ্ট : ডিজে হল্লী আৰু কেজি হল্লী আৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত অঞ্চললৈকে চিআৰপিচিৰ ধাৰা 144 লগোৱাৰ সময়সীমা 15 আগষ্টৰ পুৱা 6 বজালৈকে বৃদ্ধি কৰা হৈছে ৷ বাংগালোৰৰ আৰক্ষী আয়ুক্ত কমল পন্থে বুধবাৰে এই কথা সদৰি কৰে ৷

ইয়াৰ পুৰ্বে বুধবাৰে কৰ্ণাটকৰ গৃহমন্ত্ৰী বস্মৰাজ বোম্ময়ে কয় যে, এখন জিলাৰ ন্যায়াধীশে মঙলবাৰে বাংগালোৰত হোৱা হিংসাত্মক ঘটনাৰ তদন্ত কৰিব আৰু এই পৰ্যন্ত 146 গৰাকী লোকক এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ৷

গ্ৰেপ্তাৰ হোৱা লোকৰ বিৰুদ্ধে অগ্নিসংযোগ কৰা, শিল দলিওৱা আৰু আৰক্ষীৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

হিংসাত্মক ঘটনা বিয়পি পৰাৰ পাছত কংগ্ৰেছৰ বিধায়ক শ্ৰীনিবাসমূৰ্তিৰ বাসগৃহতো আক্ৰমণ কৰে ৷ এই ঘটনাৰ পাছতেই বুধবাৰৰ পৰাই সমগ্ৰ বাংগালোৰতে 144 ধাৰা জাৰি কৰা হৈছিল ৷

বাংগালোৰ সংঘৰ্ষঃ ডিজে হল্লী আৰু কেজি হল্লী অঞ্চলত 15 আগষ্টলৈকে বৃদ্ধি 144 ধাৰা

উল্লেখ যে, বিধায়ক আকন্দ শ্ৰীনিৱাসৰ আত্মীয় ভাতৃৰ এক ফেচবুক প’ষ্টে কৰ্ণাটকৰ পুলকেশনগৰত এক সাম্প্ৰদায়িক মতানৈক্যৰ সৃষ্টি কৰিছিল ৷ ইয়াৰ ফলস্বৰূপে এক বিশেষ সাম্প্ৰদায়িক গোটে মঙলবাৰে শিলাবৰ্ষণ কৰে আৰু বিধায়ক গৰাকীৰ বাসগৃহত অগ্নিসংযোগ কৰিছিল ৷

লগতে পঢ়ক : কৰ্ণাটকত বিধায়কৰ বাসগৃহত অগ্নিসংযোগ দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.