ETV Bharat / bharat

বাংগালোৰত ছীল কৰি দিয়া হ'ল এখন আৰক্ষী চকী - Bengaluru police station sealed

এগৰাকী কনিষ্টবলৰ কোভিড-১৯ পজিটিভ পোৱাৰ পাছতেই প্ৰশাসনে ছীল কৰি দিয়ে কৰ্ণাটকৰ কিউবোন পাৰ্ক আৰক্ষী চকী । আৰক্ষী চকীখন কৰ্ণাটক উচ্চ ন্যায়ালয়, বাংগালোৰ প্ৰেছ ক্লাৱ আৰু চিন্নাস্বামী ক্ৰিকেট ষ্টেডিয়ামৰ ওচৰত অৱস্থিত ।

বাংগালোৰৰ কিউবোন পাৰ্ক আৰক্ষী চকী
Bengaluru police station sealed after constable tested Covid-19 positive
author img

By

Published : Jun 21, 2020, 3:25 PM IST

নিউজ ডেস্ক, ২১ জুনঃ সমগ্ৰ দেশতে কালৰূপ ধাৰণ কৰা মহামাৰী কোভিড-১৯ ৰ ফলত ছীল কৰি দিয়া হয় বাংগালোৰৰ এখন আৰক্ষী চকী । এগৰাকী আৰক্ষী কনিষ্টবলৰ দেহত কোভিড-১৯ৰ উপস্থিতি লাভ কৰাৰ পাছতেই প্ৰশাসনে ছীল কৰি দিয়ে কিউবোন পাৰ্ক আৰক্ষী চকী । আৰক্ষী চকীখনত প্ৰায় ৬০ গৰাকী আৰক্ষীসহ আন আন কৰ্মচাৰী কৰ্মৰত আছিল । শনিবাৰে বিভাগীয় সূত্ৰই প্ৰকাশ কৰে এই তথ্য ।

এগৰাকী কনিষ্টবলৰ কোভিড-১৯ পজিটিভ পোৱাৰ পাছতেই বহুকেইগৰাকী আৰক্ষী কৰ্মীক কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ প্ৰদান কৰে । কৰ্ণাটক স্বাস্থ্য বিভাগে আৰক্ষী চকীখনৰ সকলো কৰ্মচাৰীকে ৭ দিনৰ বাবে কোৱাৰেণ্টাইন আৰু তাৰ পাছত ঘৰত থাকিবলৈ নিৰ্দেশ প্ৰদান কৰে । কেৱল সহকাৰী-আৰক্ষী আয়ুক্ত আৰু জ্যেষ্ঠ বিষয়াসকলে ব্যক্তিগত বাহনেৰে কৰ্মস্থলীলৈ অহা-যোৱা কৰি আছে ।

সম্প্ৰতি কিউবোন পাৰ্ক আৰক্ষী চকীক অস্থায়ী ৰূপত বিধানচৌধা অঞ্চললৈ স্থানান্তৰিত কৰা হয় । লগতে, BBMP (Bruhat Bengaluru Mahanagara Palike) কৰ্মচাৰীসকলে কিউবোন পাৰ্ক আৰক্ষী চকীৰ সমীপত থকা আন কাৰ্যালয়সমূহতো ছেনিটাইজিং প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, কিউবোন পাৰ্ক আৰক্ষী চকীখন কৰ্ণাটক উচ্চ ন্যায়ালয়, বাংগালোৰ প্ৰেছ ক্লাৱ আৰু চিন্নাস্বামী ক্ৰিকেট ষ্টেডিয়ামৰ ওচৰত অৱস্থিত ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.