নিউজ ডেস্ক, 13 ছেপ্তেম্বৰঃ ছত্তিশগড়ৰ চুকমা জিলাত চলিত বৰ্ষৰ 20 মাৰ্চত হোৱা মীনপা এনকাউন্টাৰত 23জন মাওবাদী সদস্য নিহত হোৱা বুলি শনিবাৰে দাবী কৰে বস্তৰ আৰক্ষীয়ে ৷ বস্তৰৰ আৰক্ষী মহাপৰিদৰ্শক সুন্দৰ ৰাজ পিয়ে এক সংবাদমেল সম্বোধন কৰি কয়, মীনপা এনকাউন্টাৰত 23 জন মাওবাদী নিহত হোৱাৰ সমান্তৰলকৈ জিলা সংৰক্ষিত বাহিনী(DRG),বিশেষ বাহিনী (STF) আৰু চিআৰপিএফে যুটীয়াভাৱে চলোৱা এই অভিযানত 17 গৰাকী অৰ্ধসামৰিক বাহিনীৰ জোৱানো শ্বহীদ হয় ৷
তেখেতে আৰু কয় যে, 8 ছেপ্তেম্বৰত মাওবাদীৰ শিবিৰত চলা আন এক এনকাউন্টাৰত কেইবাখনো গুৰুত্বপূৰ্ণ নথি-পত্ৰ লাভ কৰে অভিযানকাৰী বাহিনীয়ে ৷ এই সকলো নথি-পত্ৰ ‘গোন্দি’ ভাষাত লিপিবদ্ধ কৰা আছিল ৷ নথি-পত্ৰসমূহৰ সৈতে থকা এখন চিঠিত কোভিড-19ৰ বাবে মাওবাদী দলসমূহে বহু সমস্যাৰ সন্মুখীন হোৱাৰ কথাও উল্লেখ আছে ৷
"8 ছেপ্তেম্বৰত চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত পেন্টাপাদ-এন্টাপাদ হাবিত চুকমা আৰক্ষীয়ে এক অভিযান চলায় ৷ এই অভিযানত আমি ঘটনাস্থলীৰ পৰা কেইখনমান চিঠি লাভ কৰিবলৈ সক্ষম হৈছো ৷ ইয়াৰ মাজত দক্ষিণ বস্তৰৰ জ্যেষ্ঠ কেডেটলৈ সম্বোধন কৰি গোন্দি ভাষাত লিখা এখন চিঠি সুৰক্ষা বাহিনীয়ে অনুবাদ কৰাত 2020 চনৰ 21 মাৰ্চত মীনপা এনকাউন্টাৰত 23 জনকৈ মাওবাদী সদস্য নিহত হোৱাৰ তথ্য পোহৰলৈ আহে ৷"- আৰক্ষী মহাপৰিদৰ্শক সুন্দৰ ৰাজ পিয়ে সাংবাদিকৰ আগত জনায় ৷
আন্তঃৰাজ্যিক আৰু আন্তঃজিলা সীমান্তত সুৰক্ষা বাহিনীৰ 24 ঘন্টীয়া চেকপোষ্টৰ বাবে মাওবাদী সংগঠনসমূহে তেঁওলোকৰ দৰৱ আৰু খাদ্য সামগ্ৰী যোগানৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ৷ আনহাতে,বৰ্ধিত এনকাউন্টাৰ আৰু মৃত্যুৰ বাবে মাওবাদী সংগঠনসমূহত নতুন সদস্য ভৰ্তিৰ সম্ভাৱনাও হ্ৰাস পাইছে বুলি মন্তব্য কৰে আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে ৷
লগতে পঢ়ক-প্ৰতীকি মৃতদেহেৰে শ্ৰদ্ধাঞ্জলি বৰপেটা শিৰোমনি অৰ্জুন চন্দ্ৰ দাসক