নেশ্বনেল ডেস্ক, 1 জানুৱাৰীঃ মুম্বাইৰ এখন বিশেষ আদালতে ষ্টেট বেংকৰ নেতৃত্বত গঠিত 15 টা বেংকৰ এটা সংঘক সুৰা সম্ৰাট বিজয় মালিয়াৰ অস্থাৱৰ সম্পত্তিসমূহ ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰিছে ৷
ফৌজদাৰী আইনৰ (Criminal Procedure Code) অধীনত আদালতে ৰায় দিয়ে যে, এজন লোক অপৰাধী ঘোষিত হোৱাৰ পাচতে তেওঁৰ অস্থাৱৰ সম্পত্তিসমূহ দখল কৰিব পাৰিব ৷ এজন লোক পলাতক অৱস্থাত থাকিলে আৰু তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা থাকিলে তেওঁক অপৰাধী বুলি ঘোষণা কৰিব পাৰিব ৷
উল্লেখ্য যে, বেংকসমূহৰ এই সংঘই বিশেষ আদালতত মালিয়াৰ অস্থাৱৰ সম্পত্তিসমূহ মুকলি কৰি দিবলৈ আবেদন দাখিল কৰিছিল ৷ সংঘৰ হৈ আদালতত জ্যেষ্ঠ পৰামৰ্শদাতা ৰাজীৱ পাটিলে মঙলবাৰে এই অস্থাৱৰ সম্পত্তি মুকলি কৰি দিবলৈ আহ্বান জনাইছিল ৷ উল্লেখ্য যে, এনফৰ্চমেন্ট ডায়ৰেক্টৰেটে টকা লুন্ঠনৰ গোচৰত দোষী সাব্যস্ত কৰা মালিয়াই 2016 চনৰ মাৰ্চত ভাৰতৰ পৰা লণ্ডনলৈ পলাই গৈছিল ৷ ঋণ প্ৰদানকাৰীসকলে তেওঁলোকৰ আবেদনত উল্লেখ কৰিছিল যে, প্ৰায় 6,000 কোটি টকাৰ সম্পত্তি তেওঁলোকে দাবী কৰিব বিচাৰে ৷
আৰু পঢ়ক : ভাৰত, পাকিস্তানৰ মাজত পাৰমাণৱিক তথ্যৰ আদান-প্ৰদান