ETV Bharat / bharat

আৰ টি আই তথ্যত বেংক জালিয়াতিৰ ভয়ংকৰ বিৱৰণ

author img

By

Published : Sep 11, 2019, 8:33 PM IST

চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহতে ৰাজহুৱা খণ্ডৰ মুঠ 18 টা বেংকৰ বিৰুদ্ধে 2,480 টা জালিয়াতিৰ অভিযোগ পঞ্জীয়ন ৷ এই জালিয়াতি হৈছে প্ৰায় 31,898.63 কোটি টকাৰ ৷ জালিয়াতিৰ ক্ষেত্ৰত শীৰ্ষ স্থান দখল কৰিছে ভাৰতীয় ষ্টেট বেংকে ৷

আৰ টি আই তথ্যত বেংক জালিয়াতিৰ ভয়ংকৰ বিৱৰণ

নিউজ ডেক্স, 11 চেপ্তেম্বৰঃ " চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহতে ৰাজহুৱা খণ্ডৰ মুঠ 18 টা বেংকৰ বিৰুদ্ধে 2,480 টা জালিয়াতিৰ অভিযোগ পঞ্জীয়ন হৈছে ৷ এই জালিয়াতি হৈছে প্ৰায় 31,898.63 কোটি টকাৰ ৷ " এই তথ্য প্ৰকাশ পাইছে আৰ টি আই কৰ্মী চন্দ্ৰশেখৰ গৌড়ে এই সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকত দাখিল কৰা আৰ টি আই তথ্যত ৷ এই ক্ষেত্ৰত ভাৰতীয় ষ্টেট বেংকে 38% জালিয়াতিৰ অভিযোগেৰে শীৰ্ষ স্থান দখল কৰিছে ৷ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিকতে ভাৰতীয় ষ্টেট বেংকে মুঠ 12,012.77 কোটি টকাৰে 1,197 টা জালিয়াতিৰ লগত জড়িত থকাৰ কথা প্ৰকাশ পাইছে ৷ এছ বি আইৰ পাছতে 2,855.46 কোটি টকাৰে মুঠ 381 টা জালিয়াতিৰ ঘটনাৰ লগত জড়িত হৈ দ্বিতীয় স্থান দখল কৰিছে এলাহাবাদ বেংকে ৷ ইয়াৰ পাছতে পাঞ্জাৱ নেচনেল বেংকে 2,526.55 কোটি টকাৰ 99 টা জালিয়াতিৰ অভিযোগেৰে তৃতীয় স্থানত আছে ৷

আনহাতে বিত্তীয় বৰ্ষৰ প্ৰথম মাহতে বেংক অৱ বৰোদাৰ বিৰুদ্ধে 2,297.05 কোটি টকাৰে 75 টা জালিয়াতিৰ ঘটনা অভিযোগ আছে ৷ একেদৰে অৰিয়েনটেল বেংক অৱ কৰ্মাচৰ বিৰুদ্ধে 2,133.08 কোটি টকাৰ 45 টা জলিয়াতিৰ ঘটনা,কানাড়া বেংকৰ বিৰুদ্ধে 69 টা জালিয়াতিৰে 2,035.81 কোটি টকা,চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ বিৰুদ্ধে 194 টা জালিয়াতিৰে 1,982.27 কোটি টকা,ইউনাইটেড বেংক অৱ ইণ্ডিয়াৰ বিৰুদ্ধে 1,196.19 কোটি টকাৰে মুঠ 31 টা জালিয়াতিৰে অভিযোগ আছে ৷ সমান্তৰালভাৱে কৰ্পৰেচন বেংক,ছিণ্ডিকেট বেংক,ইউনিয়ন বেংক অৱ ইণ্ডিয়া, বেংক অৱ ইণ্ডিয়া আদিৰ বিৰুদ্ধেও বৃহৎ পৰিমাণৰ ধন জালিয়াতিৰ অভিযোগ আছে বুলি প্ৰকাশ পাইছে ৷

উল্লেখযোগ্য যে, ভাৰতীয় ৰিজাৰ্ভ বেংকে যোগান ধৰা আৰ টি আই তথ্যত বেংকৰ এই জালিয়াতিৰ প্ৰকৃতি আৰু জালিয়াতিৰ ফলত গ্ৰাহকে সন্মুখীন হোৱা সমস্যাৰ লগতে ক্ষয় ক্ষতিৰ সন্দৰ্ভত কোনো নিদ্দিষ্ট স্পষ্টীকৰণ নিদিলে বুলি আৰ টি আই কৰ্মী গৰাকীয়ে জানিবলৈ দিছে ৷

Intro:Body:

The country's largest lender State Bank of India (SBI) remained the biggest prey to frauds with 38 per cent share followed by Allahabad Bank and PNB.

Indore: A total of 2,480 cases of fraud involving a huge sum of Rs 31,898.63 crore rattled 18 public sector banks in the first quarter of this fiscal, an RTI query has revealed.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.