বন্ধ থাকিব বাংলাদেশ সীমান্ত, ভাৰতীয় ছাত্ৰই হোষ্টেলতে কটাব লাগিব সময় : বিভাগীয় কৰ্তৃপক্ষ
ভাৰতীয় নাগৰিকৰ সৈতে ঢাকাস্থিত ভাৰতীয় উচ্ছায়ুক্তৰ যোগাযোগ অব্যাহত আছে : বৈদেশিক সচিব
বাংলাদেশ সীমান্তৰে ভাৰতত উপস্থিত হ'বৰ বাবে কাশ্মীৰৰ কিছু ছাত্ৰই গৃহ আৰু বৈদেশিক মন্ত্ৰণালয়লৈ কৰা অনুৰোধৰ সঁহাৰি জনাই এক বিশেষ সূত্ৰই মন্তব্য কৰে যে, ছাত্ৰসকল যি স্থানত আছে তাতেই বৰ্তমান থকা উচিত ৷
বৈদেশিক সচিব হৰ্ষ শ্ৰিংগলাই ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কয়, "ছাত্ৰৰ লগতে অন্য ভাৰতীয় নাগৰিকসকলৰ সৈতে ঢাকাস্থিত উচ্চায়ুক্তই যোগাযোগ অব্যাহত ৰাখিছে আৰু তেওঁলোকৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৷"
মঙলবাৰে পুৱাৰ ভাগত কাশ্মীৰৰ 70 জন মেডিকেল বিভাগৰ ছাত্ৰই ইণ্ডো-বাংলাদেশ সীমান্তৰ পেট্ৰাপ'ল-বেনাপ'লত আৱদ্ধ হৈ থকাৰ ভিডিঅ' ভাইৰেল হৈছিল ৷
"আমাক দেশত প্ৰৱেশৰ অনুমতি প্ৰদান কৰিবলৈ বৈদেশিক মন্ত্ৰণালয়ক বহুবাৰ অনুৰোধ কৰিছিলো ৷ আমি অলপো সুৰক্ষিত অনুভৱ কৰা নাই ৷ ইয়াত বহু লোকৰ ভিৰ হৈছে আৰু এনে স্থানত থকাৰ বাবে আমাৰ জীৱনলৈ ভাবুকিৰ সৃষ্টি হৈছিল," এগৰাকী কাশ্মীৰি মহিলাই এনেদৰে মন্তব্য কৰে ৷
আন এজন যুৱকে কয়, "আমি 70 জন বাংলাদেশত অধ্যয়নৰত কাশ্মীৰি ছাত্ৰ আছো ৷ পেট্ৰাপ'ল-বেনাপ'ল সীমান্তত আমি আৱদ্ধ হৈ আছো ৷ ইয়াত উপস্থিত হ'বৰ বাবে আমি 12-16 ঘন্টাৰ যাত্ৰা কৰিছো ৷ আমাৰ কলেজ আৰু হোষ্টেলবোৰ ইতিমধ্যে বন্ধ হৈ গৈছে ৷ হোষ্টেলসমূহ খালী কৰি আমাক ঘৰলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে ৷ কালি সন্ধিয়াৰ পৰা আমি এই সীমান্ততে আছো আৰু আমি এতিয়ালৈকে আহাৰ গ্ৰহণ কৰা নাই ৷ আমাক দেশত প্ৰৱেশ কৰিবলৈ অনুমতি নিদিয়ালৈকে আমি ইয়াতে বহি থাকিম ৷"
ভাৰতীয় কৰ্তৃপক্ষই এই সম্পৰ্কত মন্তব্য কৰিছে যে, যিহেতু বাংলাদেশ, নেপাল, পাকিস্তান আৰু ভূটানৰ সীমা ইতিমধ্যেই বন্ধ ঘোষণা কৰি দিয়া হৈছে সেয়েহে কোনো কাৰণতে তেওঁলোকক দেশলৈ আনিব পৰা নাযাব ৷ "যিহেতু সীমান্ত পাৰ কৰাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে সেয়েহে ছাত্ৰসকলক হোষ্টেললৈ ঘূৰি যাবলৈ অনুৰোধ জনোৱা হৈছে," এক চৰকাৰী সূত্ৰই এই কথা প্ৰকাশ কৰে ৷
ভাৰতীয় উচ্চায়ুক্তই আন্তৰাষ্ট্ৰীয় সীমান্ত বন্ধ ঘোষণা কৰাৰ পাচতো এই ছাত্ৰসকলে সোমবাৰে নিশা সীমান্তত উপস্থিত হৈছিল বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷
চৰকাৰী সূত্ৰই কয়, "ছাত্ৰসকলক হোষ্টেল খালী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা বুলি কলেজৰ অধ্যক্ষই অস্বীকাৰ কৰিছে আৰু তেওঁলোকক হোষ্টেলতে স্থান দিয়া হ'ব ৷"
বাংলাদেশত প্ৰায় 7000 ভাৰতীয় ছাত্ৰ আছে ৷ আমেৰিকা, নেদাৰলেণ্ড, ফ্ৰান্সৰ পৰাও বহু ভাৰতীয় ছাত্ৰই মেছেজ আৰু ভিডিঅ'ৰ জৰিয়তে তেওঁলোকক উদ্ধাৰ কৰিবলৈ বাৰ্তা প্ৰেৰণ কৰি আছে ৷ 24 মাৰ্চৰ মাজৰাতিৰ পৰা প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰা লকডাউনৰ লগতে ঘৰুৱা বিমানতো প্ৰতিবন্ধকতা আৰোপ কৰাৰ ফলত ৰুদ্ধ হৈ পৰিছে সমগ্ৰ দেশ ৷
বৈদেশিক মন্ত্ৰণালয়ৰ সূত্ৰই জানিবলৈ দিয়ে যে, বিদেশৰ ছাত্ৰৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ বহুকেইখন দেশে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ মালয়েছিয়াত কুৱালা লামপুৰ বিমান বন্দৰৰ পৰা উদ্ধাৰ কৰা লোকসকলক ভাৰতীয় উচ্ছায়ু্ক্তই খাদ্য যোগান ধৰিছে ৷ নিউয়ৰ্কৰ দৰে চহৰত ভাৰতীয়ক গুৰুদ্বাৰ আৰু বহুকেইখন স্থানীয় হোটেলত স্থান দিয়া হৈছে৷ এইদৰে ভাৰতীয় নাগৰিকৰ বাবে বিদেশতো বিভিন্ন সেৱা প্ৰদান কৰা হৈছে যদিও দেশসমূহৰ পৰা কোনো লোকক 31 মাৰ্চলৈকে দেশলৈ অনাৰ ব্যৱস্থা কৰা নহ'ব বুলি মন্তব্য কৰে চৰকাৰী সূত্ৰই ৷
স্মৃতা শৰ্মা
নতুন দিল্লী
টুইটাৰ- @smita_sharma
মাৰ্চ 24, 2020