ETV Bharat / bharat

সোতৰ দিনৰ পাচত উভতিব পাৰিব কৰ্ম ক্ষেত্ৰলৈ - ঔষধ সেৱন

যদিহে শৰীৰত কোনো লক্ষণ নাথাকে তেন্তে সোতৰ দিনৰ পাচত উভতিব পাৰিব কৰ্ম ক্ষেত্ৰলৈ ৷ ‘পুনঃ পৰীক্ষণ’ৰ কোনো প্ৰয়োজনীয়তা নাই ৷ ইতিমধ্যেই আই চি এম আৰে স্পষ্ট নিৰ্দেশনা জাৰি কৰিছে ৷

back to work after 17 days
সোতৰ দিনৰ পাচত উভতিব পাৰিব কৰ্ম ক্ষেত্ৰলৈ
author img

By

Published : Jul 23, 2020, 11:03 AM IST

কাপোৰৰ বিপনী এখনত কৰ্মৰত এজন ব্যক্তিক(৪০) কৰ’না পজিটিভ পোৱা গ’ল ৷ কিন্তু তেওঁৰ দেহত কোনো লক্ষণ নাছিল ৷ আনকি তেওঁ কাৰ দাৰা সংক্ৰমিত হৈছে সেয়াও জানিব পৰা নগ’ল ৷ ওচৰৰে চিকিৎসালয় এখনত অন্য লোকসকলৰ লগতে তেওঁ পৰীক্ষা কৰালে ৷ তেওঁ এতিয়া ঘৰতে পৃথককৈ বাস কৰি আছে আৰু চিকিৎসাকৰ্মীসকলে দিয়া ঔষধ সেৱন কৰি আছে ৷ যদিও আৰম্ভণিতে তেওঁৰ শৰীৰত সামান্য জ্বৰ আৰু কাহৰ লক্ষণ আছিল; সাতদিনৰ ভিতৰত এই লক্ষণসমূহ ক্ৰমান্বয়ে কমি আহিবলৈ ধৰে আৰু সোতৰ দিনৰ ভিতৰত সম্পূৰ্ণ লোপ পাই ৷ তথাপিও চাৰি সপ্তাহৰ পাচতো বিপনিখনৰ গৰাকীয়ে তেওঁক কৰ্তব্যলৈ যাবলৈ অনুমতি নিদিয়ে ৷ যিহেতু তেওঁ এমাহ ধৰি কৰ্তব্যত উপস্থিত নাছিল ৷ গতিকে তেওঁক উক্তমাহৰ দৰমহাৰ পৰা বঞ্চিত কৰা হৈছিল ৷ তেওঁ কয়, সেয়ে পৰিয়ালটোৰ বাবে যাৱতীয় খৰচ পাতি যোগাৰ কৰাত যথেষ্ট কঠিনতাই দেখা দিছিল ৷

এগৰাকী ঘৰত বনকৰা(৩২) মহিলাৰ দেহতো ক’ভিড-19 পজিটিভ পোৱা গৈছিল ৷ আৱাসিক এলেকাটোৰ সকলো নিৱাসীৰ বাবে অনুস্থিত ক’ভিড-19 পৰীক্ষণৰ সময়ত তেওঁকো পৰীক্ষা কৰা হয় আৰু তেওঁৰ শৰীৰত ক’ভিড-19ৰ বীজাণু ধৰা পৰে ৷ কিন্তু তেওঁৰ দেহত কৰ’নাৰ কোনো লক্ষণ নাছিল ৷ যি নহওক, তেওঁ জি এইচ এম চিৰ কৰ্মচাৰীসকলে দিয়া ঔষধ ব্যৱহাৰ কৰে ৷ ইয়াৰ পাচত দেহত কোনো লক্ষণ নোহোৱাকৈয়ে দহ দিন পাৰ হয় ৷ কিন্তু আৱাসিক এলেকাটোৰ তৰফৰ পৰা তেওঁক স্পষ্ট কৰি দিয়া হয় যে আৰু দুসপ্তাহৰ বাবে তেওঁক উক্ত আৱাসিক চৌহদৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব ৷ মহিলাগৰাকীৰ স্বামী এজন অট’ৰিক্সা চালক আৰু দুয়ো দুটা সন্তানৰ পিতৃ-মাতৃ ৷ কিন্তু বৰ্তমান পৰিস্থিতিৰ বাবে তেওঁৰ ব্যৱসায়ো বন্ধ হৈ আছে ৷ আনহাতে মহিলা গৰাকীও নিজৰ কামলৈ যাব পৰা নাই আৰু এই আৰ্থিক টনাটনিয়ে পৰিয়ালটোৰ শ্বাস ৰুদ্ধ কৰি পেলাইছে ৷

কি কৰ্মচাৰী ? কি ব্যৱসায়ী ? কি শ্ৰমিক ? সকোলকে কৰ’নাই এফালৰ পৰা গ্ৰাস কৰিছে ৷ যদি কিবা কাৰণত আপোনাৰ দেহত কৰ’নাৰ বীজাণু ধৰা পৰে, তেনেহ’লে আপুনি সপ্তাহৰ পাচত সপ্তাহ ধৰি কৰ্তব্যৰ পৰা বিৰত থাকিব লাগিব ৷ আনকি বহু লোক কোনো লক্ষণ নথকাকৈয়ে এমাহতকৈও অধিক সময় নিজৰ ঘৰতে বন্দী হৈ থাকিব লগা হৈছে ৷ এই পৰিঘটনাবোৰে সাধাৰণ জীৱন যাত্ৰাত এক সাংঘাটিক প্ৰভাৱ পেলাইছে ৷ সপ্তাহৰ পাচত সপ্তাহ ধৰি কৰ্মহীন হৈ কটোৱাৰ বাবে দৈনিক মজুৰি কৰি খোৱা শ্ৰমিকসকলে এক দূৰ্বিসহ সময় পাৰ কৰিব লগা হৈছে ৷ বহুতে এইটো স্পষ্ট কৰি দিছে যে তেওঁলোকে এই দৈনিক মজুৰি কৰা শ্ৰমিকসকলৰ পৰা কৰ’না পৰীক্ষণৰ ‘নিগেটিভ’ প্ৰমাণপত্ৰখন নোপোৱালৈকে তেওঁলোকক কামত মকৰল কৰিব নোৱাৰিব ৷ ভুক্তভোগীসকল পৰিস্থিতিৰ মেৰপেচত পৰি এক নিৰাশাজনক দুৰ্দোল্যমান অৱস্থাত ৰৈছে ৷

প্ৰসিদ্ধ চিকিৎসক ড৹ এম ভি ৰাওৱে তেওঁৰ আগত ক’ভিড-19ৰ সম্পৰ্কত উৎথাপিত সন্দেহসমূহ দূৰ কৰি স্পষ্ট কৰি কয় যে ভাৰতীয় চিকৎসা গৱেষণা পৰিষদে (আই চি এম আৰ) জাৰি কৰা নিৰ্দেশনাত এইটো ইতিমধ্যে স্পষ্ট কৰি দিয়া হৈছে যে যিসকল লোক কোনো লক্ষণ নোহোৱাকৈ ‘পজিটিভ’ তেওঁলোক সোতৰ দিনৰ পাচত কৰ্তব্যলৈ উভটিব পাৰিব ৷ ইয়াত আৰু কোৱা হৈছে যে উল্লেখিত নিৰ্দিষ্ট সময়সীমাৰ পাচত পুনঃপৰীক্ষণৰ কোনো প্ৰয়োজনীয়তা নাছিল ৷

আইচ’লেচন হ’ব মাত্ৰ ১০+৭ দিনৰ কাৰণেহে :

সাধাৰণতে ৮৫% ‘পজিটিভ’ লোকৰ ক্ষেত্ৰতে কোনো লক্ষণে দেখা নিদিয়ে ৷ আনকি তেওঁলোকে নজনাকৈয়ে তেওঁলোক ভাইৰাছবিধৰ দাৰা সংক্ৰমিত হয় আৰু কিছু দিনৰ পাচতেই সংক্ৰমণ ৰোধো হয় ৷ তেনেধৰণৰ ‘পজিটিভ’ সংক্ৰমিত ব্যক্তিসকলৰ বাবে ঘৰতে একাষৰীয়াকৈ থকাটোৱে শ্ৰেয় ৷ যদি তেনেলোকৰ ঘৰত একষৰীয়াকৈ কোনো কোঠালী বা গা-ধোৱা ঘৰৰ সুবিধা নাথাকে তেনে ক্ষেত্ৰত তেনেলোকে চৰকাৰী ‘আইচ’লেচন’ কেন্দ্ৰত থাকিব পাৰিব ৷

এনে ধৰণৰ কোনো পজিটিভ ব্যক্তি দহ দিনৰ বাবে পৃথককৈ থাকিব লাগিব ৷ তাৰ পাচত তেওঁলোকে আন সাত দিনৰ বাবে জ্বৰ, কাহ, পানীলগা বা অৱসাদ আদিৰ দৰে লক্ষণসমূহে দেখা দিয়াৰ সম্ভাৱনীয়তাৰ বাবে নিজকে নিৰীক্ষণ কৰিব লাগিব ৷ নিৰ্দিষ্ট সময়সীমা উকলি যোৱাৰ পাচতো যদি কোনো লক্ষণে দেখা নিদিয়ে, তেনেহ’লে তেনে লোকক কৰ’না মুক্ত বুলি ধৰা হ’ব ৷ ইয়াৰ অৰ্থ হ’ল এইটোৱে যে সোতৰ দিনৰ পাচত তেনে কোনো ব্যক্তি আগৰ দৰেই কৰ্তব্যলৈ যাব পাৰিব ৷ আনকি সামান্য লক্ষণে দেখা দিয়া লোকসকলৰ বাবে সেই সকল লোকো ঘৰতে একাষৰীয়াকৈ থাকিব লগিব যি সকলৰ দেহত সামান্য লক্ষণেহে দেখা দিছে ৷ যি নহওক তেওঁলোকক চিকিৎসকৰ দাৰা চিকিৎসা কৰাব লাগিব ৷

দেহত কৰ’না প’জিটিভ ধৰা পৰা লোকসকলক প্ৰথম দহ দিনৰ বাবে তীক্ষ্ণ নিৰীক্ষণত ৰাখিব লাগিব ৷ যদি বিগত তিনিদিনত জ্বৰে দেখা নিদিয়ে তেনেহ’লে তেনে লোকক বাকী সাতদিনৰ বাবে ঘৰতে নিৰীক্ষণত ৰাখিব লাগিব ৷ যদি সৰ্বমুঠ দহ দিনৰ ভিতৰত কোনো লক্ষণে দেখা নিদিয়ে তেনেহ’লে তেনেলোকেও কৰ’না পৰীক্ষণত প’জিটিভ পোৱাৰ দিনাৰ পৰা ঠিক সোতৰ দিনৰ পাচত নিজৰ কৰ্মক্ষেত্ৰত উপস্থিত হ’ব পাৰিব ৷ যদি এই সময় চোৱাত কোনো লক্ষণে দেখা দিয়ে, তেনেহ’লে আগৰ দৰেই একাষৰীয়াকৈ থকা কাৰ্য বৰ্তাই ৰাখিব লাগিব ৷ এই একেই নিয়মসমূহেই পুনৰ নিজ কৰ্মক্ষেত্ৰলৈ উভতা লোকসকলৰ ওপৰতো প্ৰযোজ্য হ’ব ৷

যিসকল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল, তেওঁলোকক চিকৎসালয়ৰ পৰা বিৰতি দিয়াৰ পাচত ঘৰত এসপ্তাহৰ বাবে নিৰিক্ষণত ৰাখিব লাগিব ৷ যদি উক্ত সময়চোৱাত কোনো লক্ষণে পুনৰ দেখা নিদিয়ে তেনেহ’লে তেওঁলোকে সাধাৰণ জীৱন যাত্ৰালৈ ঘূৰি যাব পাৰিব ৷ যদি লক্ষণসমূহ একেই থাকে তেনেক্ষেত্ৰত তেনেলোকৰ বাবে নিজৰ কৰ্মস্থানলৈ যোৱাৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ, চিকিৎসা আৰু অনুমতিৰ প্ৰয়োজন অপৰিহাৰ্য হ’ব ৷

লগতে পঢ়ক : অসমৰ বান সমস্যা নিৰ্মূলৰ বাবে 346 কোটি টকা অনুদানৰ ঘোষণা কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.