ৰামপুৰ, 22 এপ্ৰিলঃ উত্তৰ প্ৰদেশৰ ৰামপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী আজম খানৰ অশালীন মন্তব্যৰ পাচত এইবাৰ প্ৰতিদ্বন্দী প্ৰাৰ্থী জয়া প্ৰদাক পৰোক্ষভাৱে আক্ৰমণ কৰিলে তেওঁৰ পুত্ৰ আব্দুল্লাহ আজাম খানে ৷ দেওবাৰে আজম খানৰ হৈ নিৰ্বাচনী সমদলত অংশগ্ৰহণ কৰি আব্দুল্লাহে কয় যে, ‘‘আলীও আমাৰ, বজৰংগীও আমাৰ, আমি আলী আৰু বজৰংগ বলী দুয়োটাকে বিচাৰো, কিন্তু অনাৰক’লীক নিবিচাৰো ৷’’
উল্লেখ্য যে, চলিত মাহতেই জয়া প্ৰদাৰ নাম প্ৰকাশ নকৰাকৈয়ে ৰামপুৰত প্ৰাৰ্থীগৰাকীৰ প্ৰতি অশালীন মন্তব্য আগবঢ়াইছিল সমাজবাদী দলৰ প্ৰাৰ্থী আজম খানে ৷ আজম খানৰ এই কাৰ্যৰ বিৰুদ্ধে জয়া প্ৰদাই ব্যক্তিগত আক্ৰমণৰ অভিযোগত ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত 171নং ধাৰাত এক গোচৰ ৰুজু কৰে ৷ লগতে বহুজন সমাজ পাৰ্টীৰ মুৰব্বী মায়াৱতীৰ ওপৰতো নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগত গোচৰ ৰুজু কৰে প্ৰাৰ্থীগৰাকীয়ে ৷