ETV Bharat / bharat

প্লাষ্টিকৰ পতাকা ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশনা গৃহ মন্ত্ৰালয়ৰ - সাংস্কৃতিক

শনিবাৰে কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহক কাগজৰে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা ব্যবহাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা এক নিৰ্দেশনা প্ৰস্তুত কৰি সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক প্লাষ্টিকৰ পৰিৱৰ্তে কাগজৰে প্ৰস্তুত কৰা পতাকা ব্যবহাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

Avoid using plastic national flags : MHA asks States and UTs
প্লাষ্টিকৰ পৰিৱৰ্তে কাগজৰ পতাকা ব্যবহাৰ কৰিবলৈ নিৰ্দেশনা গৃহ মন্ত্ৰালয়ৰ
author img

By

Published : Jul 26, 2020, 10:17 PM IST

নিউজ ডেস্ক, 26 জুলাই : দেশত ক'ভিড-19 ৰ ত্ৰাস চলি থকাৰ মাজতে শনিবাৰে কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহক কাগজৰে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা ব্যবহাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা এক নিৰ্দেশনা প্ৰস্তুত কৰি সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহক প্লাষ্টিকৰ পৰিৱৰ্তে কাগজৰে প্ৰস্তুত কৰা পতাকা ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

ফ্ৰে'গ ক'ড অফ ইণ্ডিয়া (2002) অনুসৰি ৰাষ্ট্ৰীয় পতাকা ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি সকলো চৰকাৰ তথা দল সংগঠনৰ মাজত সচেতনতা বৃদ্ধি কৰাৰ বাবে ৰাষ্ট্ৰীয় সন্মান অধিনিয়ম (1971) অনুসৰি এই নিৰ্দেশনা প্ৰদান কৰা হৈছে ৷

মন্ত্ৰালয়ৰ ফালৰ পৰা জনোৱা অনুসৰি, সাংস্কৃতিক অথবা খেলৰ লগত জড়িত ৰাষ্ট্ৰীয় কাৰ্যসূচী সমূহত কাগজৰ পৰিৱৰ্তে প্লাষ্টিকৰে প্ৰস্তুত কৰা পতাকা ব্যৱহাৰ কৰা হৈছিল ৷ কিন্তু প্লাষ্টিকৰে প্ৰস্তুত কৰা পতাকাখনে ৰাষ্ট্ৰীয় পতাকাখনৰ গৰিমা হ্ৰাস কৰা বুলিও উল্লেখ কৰে ৷ গতিকে,সকলো অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে সাংস্কৃতিক বা খেলৰ লগত জড়িত সকলো কাৰ্যসূচীত প্লাষ্টিকৰ পৰিৱৰ্তে কাগজৰে প্ৰস্তুত কৰা পতাকা ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷

লগতে,গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা সকলো ৰাজ্যৰ সংবাদ মাধ্যমক এই খবৰ প্ৰচাৰ কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক : বিশ্বশান্তিৰ উদ্দেশ্যে 30 জুলাইত সামূহিক প্ৰাৰ্থনাৰ আহ্বান সত্ৰাধিকাৰসকলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.