নতুন দিল্লী, 4 ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে অনুষ্ঠিত বিজেপিৰ সংসদীয় সভাত বাজেটৰ কথা উল্লেখ কৰি কয় যে, কেন্দ্ৰীয় বাজেট সম্পৰ্কে মানুহক বিপথে পৰিচালিক কৰিব বিচাৰিছে, আনহাতে মোডীয়ে এই বুলিও কয় যে, বৰ্তমান গোলকীয় অৰ্থনীতিৰ পৰিবেশত সমালোচকেও এই বাজেটক গ্ৰহণ কৰিছে ৷
এই সভাতে মোডীয়ে অসমৰ বড়ো চুক্তি আৰু ত্ৰিপুৰাৰ ব্ৰু ৰিংগ জনজাতিৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপক জনজাতি সকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বৃহৎ সফলতা বুলি উল্লেখ কৰে ৷
লগতে পঢ়কঃ হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা আৰু অপূৰ্ব অধিকাৰীলৈ মৃ্ত্যুৰ ভাবুকি !
এই পদক্ষেপৰ ফলত সময়ে সময়ে ৰক্তাক্ত হোৱা উত্তৰ-পূৱত শান্তি বিয়পিব বুলি মোডীয়ে কয় ৷ ইপিনে, বিজেপি দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ৰূপে নিৰ্বাচিত হোৱাৰ পাচত নৱ-নিৰ্বাচিত সভাপতি জে পি নড্ডাৰ বাবে এইখনেই আছিল প্ৰথম দলীয় সংসদীয় সভা ৷ এই সভাতেই নড্ডাক মোডী আৰু আন নেতাসকলে সম্বৰ্ধনা জ্ঞাপন কৰে ৷