ETV Bharat / bharat

অসমত বিগত 24 ঘণ্টাত কৰ'ণাত আক্ৰান্ত হৈ মৃ্ত্যু 8 গৰাকী ব্য়ক্তিৰ

author img

By

Published : Aug 21, 2020, 1:22 PM IST

বৃহস্পতিবাৰে অসমত 1,735 গৰাকী ব্যক্তি কৰ'ণাত আক্ৰান্ত হৈছে বুলি সদৰি কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে, এই ভাইৰাছত আক্ৰান্ত হৈ বিগত 24 ঘণ্টাত মৃত্যু হৈছে 8 গৰাকী ব্যক্তিৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত 221 গৰাকীলৈ বৃদ্ধি পাইছে মৃত্যু হোৱা লোকৰ সংখ্যা ৷

অসমত বিগত 24 ঘণ্টাত কৰ'ণাত আক্ৰান্ত হৈ মৃ্ত্যু 8 গৰাকী ব্য়ক্তিৰ
অসমত বিগত 24 ঘণ্টাত কৰ'ণাত আক্ৰান্ত হৈ মৃ্ত্যু 8 গৰাকী ব্য়ক্তিৰ

নিউজ ডেস্ক,21 আগষ্টঃ অসমত বৃহস্পতিবাৰৰ দিনটোত 1,735 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে মহামাৰী কৰ'ণাৰ অৱস্থিতি ৷ ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে এই কথা ৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত 86,052 গৰাকীলৈ বৃদ্ধি পাই কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ আনহাতে, অসমত বৰ্তমান পৰ্যন্ত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 221 গৰাকী ব্যক্তি ৷ ইয়াৰ উপৰিও বৃহস্পতিবাৰে কৰ'ণাৰ পৰা আৰোগ্য হৈ উঠিছে 2,772 গৰাকী ব্যক্তি ৷ বৃহস্পতিবাৰে এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ কামৰূপ গ্ৰাম্য আৰু ডিব্ৰুগড়ৰ দুজনকৈ ব্যক্তিৰ মৃত্যু হোৱাৰ উপৰিও বৰপেটা, কৰিমগঞ্জ, কাৰ্বি আংলং আৰু ধুবুৰীৰ এজনৈ ব্যক্তি কৰ'ণা আক্ৰান্ত হৈ মৃত্যু হয় ৷

আনহাতে, কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে কয় যে, "বহুত দুখৰ কথা যে ৰাজ্যখনত বৃহস্পতিবাৰৰ দিনটোত কৰ'ণা আক্ৰান্ত হৈ 8 গৰাকী ব্যক্তিৰ মৃত্যু হৈছে ৷ মৃত ব্যক্তিৰ পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো ৷ আপোনালকৰ এই দুখৰ সময়ত আমি আপোনালকৰ ওচৰত আছো ৷"

উল্লেখ্য যে, অসমত বিগত 24 ঘণ্টাত 34,376 গৰাকী ব্যক্তিৰ দেহত কৰা হয় কৰ'ণা টেষ্ট ৷ এই টেষ্টৰ সময়তে কৰ'ণা আক্ৰান্ত ব্যক্তিসকল চিনাক্ত কৰা হয় বুলি সদৰি কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷ আনহাতে, ৰাজ্যখনত বৰ্তমান পৰ্যন্ত 18,94,584 জন ব্যক্তিৰ কৰ'ণা টেষ্ট সম্পৰ্ণ হৈছে বুলিও প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়কঃ চলিত বৰ্ষত কেদাৰনাথৰ 'মোডী গুহা'ত নাই এজনো পৰ্যটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.