নিউজ ডেস্ক, 24 মেঃ এফালে লোকসভা নিৰ্বাচনৰ ফলাফল আনফালে এগৰাকী প্ৰাৰ্থীৰ নামক লৈ অথন্তৰ ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ এগৰাকী সাংবাদিকে বাতৰি পৰিবেশন কৰি থকাৰ সময়তে ভুলবশত বিজেপি প্ৰাৰ্থী চানি দেউলৰ সলনি চানি লিয়নীৰ নাম উচ্চাৰণ কৰা প্ৰসংগই এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷
এই ঘটনাৰ পিচত এটা Emoji-ৰ সৈতে "কিমান ভোটৰ ব্যৱধানত আগবাঢ়িছো" বুলি নিজ টুইটাৰ যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে অভিনেত্ৰী চানি লিয়নীয়ে ৷ আনহাতে সংবাদ মাধ্যমত অতি পৰিচিত সাংবাদিকজনৰ এই কাণ্ডৰ বাবে চ'চিয়েল মিডিয়াযোগে বহুজনে ভিন্ন ধৰণে ব্যংগ কৰে সাংবাদিকজনক ৷