অৰুণাচল,11এপ্ৰিলঃ কেৱল নিৰ্বাচনী দলীয় হিংসা নথকাৰ ফলতে শান্তিপূৰ্ণভাৱে চলিছে অৰুণাচল প্ৰদেশৰ ভোটদান প্ৰক্ৰিয়া এই মন্তব্য কিৰেণ ৰিজিজুৰ ৷ অৰুণাচলৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ ভোটাৰ ৰাইজক ভোটদান কৰিবলৈ উৎসাহ দিয়ে গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৷ লগতে অৰুণাচল বিধানসভা নিৰ্বাচনত মুঠ 60খন আসনৰ ভিতৰত বিজেপিয়ে 47 আসন, কংগ্ৰেছে 1 বা 2 খন আসন পাব বুলি উল্লেখ কৰে মন্ত্ৰীজনে ৷
আনহাতে ভোটদানৰ দিনটোত হেলিকপ্তাৰ ব্যৱহাৰ কৰিব নোৱৰাৰ ফলত নিজ ভোটগ্ৰহণ কেন্দ্ৰ অৰ্থাৎ পশ্চিম কামেং জিলাৰ নাফ্ৰাত ভোটদান কৰাৰ পৰা বিৰত থাকে মন্ত্ৰীগৰাকী ৷ এই সম্বন্ধে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দিবলৈয়ো কুন্থাবোধ কৰে মন্ত্ৰীজনে ৷